মোৰ উষ্মা সনা দুগালত
আঁকি দিছিল দুটি ওঁঠৰ গুল গুল
অৱশ শৰীৰত তেওঁৰ
দুখনী হাতৰ পৃষ্ঠপোষকতা
থাৰ্মমিটাৰত প্ৰতিফলিত
তেওঁৰ প্ৰেম ১০৩ ১০৪
অমানিশাটো কেতিয়াবা পোৱা যায়
জীৱনৰ অপূৰ্ব মাদকতা
সিক্ত দুচকুৰ আঁৰে সেইদিনা
চাইছিলোঁ তেওঁৰ দৃষ্টি হৰা মৰম বৃষ্টি …