প্ৰেম,প্ৰেম নো কি ?
এটা শব্দ নে জীৱনৰ এক
অন্তহীন যাত্ৰা ,
বহু চিন্তা কৰিলো
তথাপি বিচাৰি নাপালো
প্ৰেম,প্ৰেম নো কি ?
ভাৱিলো মোৰ সপোনৰ 'তৰা'...
তুমি কলেজ যোৱা সেই
বাট টোৰ কথা ,
তোমাৰ ভৰিৰ পৰা অহা
সেই নুপুৰৰ শব্দ,
এয়াই নেকি প্ৰেম ।
তুমি Miss call দিয়া ,
মই তোমালৈ Phone কৰা,
এয়াই নেকি প্ৰেম ।
তোমাৰ চকুৰ চাৱনীৰে চোৱা,
তোমাৰ সেই মিচিকীয়া হাঁহি,
এয়াই বাৰু প্ৰেম নেকি ।
অজানিতে হোৱা দেখা
চিনাকি নোহোৱাকে কথা কোৱা,
সপোনত আমনি কৰা,
বাৰে বাৰে তাইৰ মুখ খন
চকুৰ আগত ভাঁহি উঠা,
ইছ! এয়াই নেকি প্ৰেম ।
প্ৰেম,প্ৰেম নো কি ?....