প্ৰেমিক হ’ব নোৱাৰিলো তাতে কি হ’ল
জোন আৰু তৰাবোৰক সাক্ষী থৈ
তোমাৰ নামত কবিতাতো লিখিব পাৰিছোঁ
উজাগৰী ৰাতি
ভাৱনাৰ নাওঁ সাজি
আকাশৰ নীলা চাদৰৰ তলত
শুৱতো পাৰিছো
প্ৰেমিক হ’ব নোৱাৰিলো তাতে কি হ’ল
দেহৰ প্ৰতি ৰক্ত সিৰা উপসিৰাত
তোমাৰ স্মৃতি লৈ
সপোনৰ ভাস্কৰ্যতো গঢ়িব পাৰিছোঁ
দুখৰ মাজতো প্ৰাণ খুলি হাঁহিবতো পাৰিছোঁ
প্ৰেমিক হ’ব নোৱাৰিলো তাতে কি হ’ল
তোমাৰ সৰিয়হফুলীয়া মুখনি চাই
জোনবাইৰ লগত গুণ গুণাবতো পাৰিছোঁ
শয়নে সপোনে নিৰ্জনে
কল্পনাৰ ৰংঘৰে
আৰু কি লাগে
প্ৰেমিক হ’ব নোৱাৰিলেও
কোনো খেদ নাই , কোনো আক্ষেপ নাই …