কবিতা :: ফাগুনৰ বতৰা --- দিলীপ কুমাৰ শৰ্মা

ধূসৰ উদং পথাৰত
সেন্দুৰ সনা ৰঙৰ
পোহাৰ লৈ
তুমি পলাশ ।
লঠঙা গছবোৰৰ ডালে ডালে
পছোৱা বতাহে সিঁচি দিয়ে
তোমাৰেই ৰং ...

শুকান পথাৰৰ
আলিয়ে আলিয়ে
চিনাকী সুৰৰ মাজত
তুমি ফাগুনৰ পলাশ ।
উন্মনা প্ৰেমিকাৰ
ধমনীৰ চালিকা শক্তি
হৃদয়ৰ ৰং...

তুমি উতনুৱা ফাগুনৰ পলাশ
তোমাৰ ৰঙেৰে
ৰাঙলী হয়
সন্ধিয়াৰ বিস্তৃত পৰিধি ।
মৌন আকাশে মিচিকিয়াই হাঁহে
নিলাজ সময়ে সখীৰ সতে
আলিঙ্গন কৰে
সৰা পাতবোৰে প্ৰাণ পায় ।

তোমাৰ পৰশত
জুৰিৰ পাৰত বহি
লাজুকীহতৰ মন পিছলে ।
প্ৰযুক্তিৰ বৰ্ণিল শোভাযাত্ৰাত
সোণালী সুতাৰে বুটা বচা
চাদৰৰ আঁচলে
চৌপাশে উপচাই দিয়ে
তোমাৰেই ৰং...

তুমি উতনুৱা ফাগুনৰ
চঞ্চল ৰাঙলী পলাশ ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,394
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,101
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,699
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,105
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,927
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,764