ব'হাগ বিনন্দীয়া ৰূপ ;
কুঁহিপাতত আশাৰ সপোন ।
তোৰ কজলা চকুত
আইলিনা নাসানিবি
নাসানিবি ওঁঠত ব্ৰেণ্ডেদ লিপিষ্টিক ...
ব'হাগে লাজ পাব !
টোপাই বুৰ মৰাদি
কুলিটোও আঁতৰি যাবগৈ
সেউজীয়া আঁচল গুছাই
প্ৰকৃতিও নঙঠা হ'বগৈ ...।
বাৰিষাৰ বৰষুণত তই তিতা নাই
হাতত তোৰ ফুলাম ছাটি ।
যৌৱনৰ বৰষুণত তই তিতিছ
গাৰ হালধীয়াবোৰ অকপটে বিলাই দিছ ...।
তোৰ ককালত পশ্চিমীয়া নাচোন
কৃত্ৰিম প্ৰসাধনেৰে
দেহ সাজোন কাচোন ।
বোলো ব'হাগ আহিছে -
প্ৰকৃতিয়ে বিলাইছে আভা
এবাৰ মৌন হৈ চা -
ধাৰ কৰি হ'লেও
সাতামপুৰুষীয়া বিহুগীত এফাঁকিকে গা !