এতিয়াও শেষ হোৱা নাই বৰষুণজাক !
যেন অনন্তকাললৈ পৰি থাকিব
টোপ টোপ কৈ...
ৰাতি শেষ হৈছে
দিন পাৰ হৈছে
দিন গৈ গৈ ৰাতি শেষ হৈ
নতুন পোহৰে পোহাৰ পাতিছে
অথচ বৰষুণজাক শেষ হোৱা নাই !
বৰষুণপ্ৰিয় মানুহএজাকে
প্ৰথমকেইদিন আকাশলৈ মুখ এৰি চিঞৰিছিল ফুৰ্তিত ,
কৃষকে হাঁহিছিল
ইঞ্জিনীয়াৰবোৰ কপিছিল
শ্ৰমিকৰ চৰুলৈ জুই যোৱা নাছিল !
হাঁহি, কান্দোন , আঘাত
এইবোৰ বৰষুণে নাজানিছিল
বৰষুণজাক টোপ টোপ কৈ পৰি আছিল....
কবিয়ে বিষন্নতাৰ কাপ তুলি
আকাশলৈ চাইছিল
নাই
বৰষুণজাক টোপ টোপ কৈ পৰিয়ে আছিল !