কবিতা :: বিষাদময়তাৰ শব্দবোৰ --- মহিদুল ইছলাম বুলবুল

শূন্যতাৰ নীৰনিধিত
প্ৰতিনিশাই তিয়াই দিওঁ
.
মোৰ বিষন্নতাই
জুৰুলা কৰা
পৰিশ্ৰান্ত হৃদয়ৰ
অৱসন্নতাবোৰ।
ধীৰে-ধীৰে ভগ্নপ্ৰত্যাশাৰ
বিমৰ্ষ সুৰৰ আঁচলে
তামসীৰ বিপোষ
মেৰিয়াই ধৰে।
.
অক্ষিৰ অভ্ৰ বিদাৰি
অশ্ৰুতৰংগৰ স্ৰোতস্বিনী
বৈ আহে।
.
শূন্যতাৰ ৰিক্ত জলাৰণ্যত
মিহলি হৈ যেন,
.
মোৰ তেজেধোৱা
কৰুণ শব্দৰ
লক্ষ্য-লক্ষ্য ঢৌ উঠে।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,529
শিতান: অনুভৱ
মুঠ পঢ়ুৱৈ সংখ্যা:2,004
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,571
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,136
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,869
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,704