চেনাই ঐ তই আহিবি দেই
শোঁৱনশিৰিৰ সেই পাৰ ঘাটলৈ
তইযে মোক ভাল পোৱাৰ পাছত
প্ৰথম বিহুৱান খন দিছিলি
ইজনে সিজনৰ চকুলৈ চায় থাকোতেই
গমেইযে পোৱা নাছিলো
দুপৰিয়াৰ বেলি গই গধুলি হ’ল বুলি
চেনাই ঐ কেৰেলাত থাকিলেও
তোক সদায় মনত ৰাখো ঐ
কোম্পানিৰ কামত যোৱাৰ আগত আৰু পাছত
জাননে তই দিয়া বিহুৱান খন
এবাৰ চুমি যাও সদায়
মোৰ কলা দুওঠেৰে
যোৱাবাৰ বিহুত নগলোযে
তই বেয়া পাইছ মই জানো
কিন্ত্ত কোম্পানিৰ চাকৰিযে
কি কৰিবি ক
মালিকে জাবলৈয়ে নিদিলে
এইবাৰ তই চিন্তা নকৰিবি
ৰেলৰ টিকত এটা কাতিলোৱেই
তোলৈও এসোপা বজাৰ কৰিছো
পিছে তই কোৱা মূগা সাজযোৰ
গুৱাহাটীতহে ল’মগৈ দেই
দেহা ঐ তই আহিবি দেই
মই তোলৈ বৰ হেপাঁহেৰে বাট চায় আছো
পিছে শোঁৱনশিৰিৰ সেইটো পাৰ ঘাটলৈ নাহিবি
তাত আজিকালি নিজান নহয়
মনৰ কথাবোৰ খুলি কবলৈ
তাত এটা ডাঙৰ নদী বান্ধ বান্ধিলে
তই ছিঙিবলে কপৌফুল বোৰ নোহোৱা হ’ল অ,
কুলি জনিৱেও তাত নিবিনোৱা হ’ল ।।