কবিতা :: বুধবাৰে বিদ্যালয়লৈ অহা ছোৱালীজনী --- ঋতুপৰ্ণ ৰয়

প্ৰতি বুধবাৰে অহাৰ দৰে,
ঠিক ন বজাতেই তাই আহিছে।
যেন প্ৰতি দেওবাৰে অহা ফোন-ইন-কল্পতৰু।
পিঠিত বোজা মেটমৰা।
কিতাপ, ফলি, পেঞ্চিল, কাঁহী, বাতি।
প্ৰতি বুধবাৰৰ লগত সমান্তৰাল গতি।
ঠিক ন বজাতেই আহে তাই।
উজনিমুৱা ইন্টাৰচিটি।
..
গনৱেশ তাই অইন বিলাকৰ দৰেই পিন্ধিছে।
চুলিত তেল ঠিকেই ঘঁহিছে।
ৰঙা ফিটা দুডালো তাই ঠিকেই বান্ধিছে।
হাঁহিটোও তাইৰ অইন বিলাকৰ দৰেই।
মাত্ৰ এটাই পাৰ্থক্য,
তাই কেৱল বুধবাৰে আহে বিদ্যালয়লৈ।
..
তাই আহাৰৰ পথাৰখন যেন কিতাপখন মেলি
মুখৰ ভিতৰতে কিবা পঢ়িছে।
তাই মুক্ত আকাশ যেন পৃষ্ঠাত
চৰাই উৰা পথ আঁকিছে।
খিৰিকীৰে সেউজীয়া চাই
হয়তো কল্পনা কৰিছে,
উৰন্ত জাহাজ হোৱাৰ।
..
হুমুনিয়াহ হৈ আহিল বাৰ বজাৰ ঘণ্টা।
হয়তো তাই কণী ভাল পায়।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,071
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,919
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,257
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,607
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,665
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,052