কবিতা :: ব্যৰ্থ প্ৰেমিকৰ অ-কবিতা --- সাগৰ সঞ্জীৱ

হেল্লো মিছ নীলনয়না !
এদিন তোমাক হেৰুৱাই
মই যন্ত্ৰণাত চটফটিয়াইছিলো,
প্ৰেমৰ মন্দিৰত
আমাৰ ভালপোৱাৰ সমাধি দেখি ।
আৰু তুমি হাঁহি হাঁহি
মোৰ সমাধিত ফুল চটিয়াইছিলা ।।

ভালপোৱাৰ চলনাৰে
মোক অন্ধকাৰলৈ ঠেলি দি
সন্মুখৰ পোহৰখিনি কাঢ়ি নিছিলা,
আৰু জীৱনৰ লালসাত মই
খেপিয়াই খেপিয়াই খোজ লৈছিলো
জোনাকৰ দেশলৈ
অকণমান পোহৰ বিছাৰি ।।
মাজে মাজে দুচকু মুদি দিছিলো,
পোহৰৰ অপেক্ষাত
অকণমান মেলি চাইছিলো ।
বাট-পথবোৰ কেনেকুৱা আছিল
মই নাজানিছিলো;
মোৰ আশে-পাশে কোন আছিল
সেয়াওঁ অনুমাণ কৰিব পৰা নাছিলো ;
জীৱন বাটত উজুৱতি খাই
মাথো যন্ত্ৰণাত চটফটিয়াইছিলো,
আৰু তুমি মোৰ ৰং চাইছিলা
তোমাক ভালপোৱাৰ প্ৰতিশোধ লৱলৈ ।

এদিন তোমাৰ বাবে
পাহৰি পেলাইছিলো জীৱনৰ অৰ্থ
কিন্তু জীৱনটোৱে মোক পাহৰা নাছিল ।
সপোন হেৰুৱাৰ বেদনাত
জোনবাইৰ মূখলৈ বহুদিন চোৱা নাছিলো,
কিন্তু তৰাভৰা আকাশখনৰ সৈতে
জোনাকৰ কথা নভৱাকৈ থকা নাচিলো ।
তুমি ভাৱিছিলা মোৰ মৃত্যু হ'ৱ,
জীৱনৰ সপোনবোৰে মোক মৰিব দিয়া নাছিল;
সিদিনাই ভালদৰে চিনাকী হৈছিলো
নিজৰ লগত, জীৱনৰ সৈতে
আৰু মই পুনৰ জীয়াই উঠিছিলো ।।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,215
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,769
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,545
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,914
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,298
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,097