আকাশ ছিদ্ৰ হোৱাদি বৰষুণ পৰিছে
এজাক ৰুনুক জুকুন বৰষুণ
শান্ত সমাহিত নিৰিবিলি কোঠালি
বাহিৰত বৰষুণৰ মধুৰ ধেমালি
আস ! বৰষুণৰ এই নান্দনিক দৃশ্যত
তোমাৰ সৈতে অলপ তিতাৰ আমেজ ল’ব পৰা হ’লে
মন মগজু শিহঁৰিত হ’লহেতেন
জিৰ জিৰ এজাক হিম চেঁচা শব্দৰ বতাহত
নাইবা কৰ্ণ কুহৰ গুঞ্জৰিত হৈ উঠিলেহেঁতেন
হেজাৰ সুৰৰ অযুত কল্লোল
হেই ! বৰষুণৰ বতৰত
মনত পৰেনে
তোমাৰ কবিৰ কবিতাৰ পক্তি
বৰষুণৰ নান্দনিক দৃশ্যত হেৰাই যোৱা
তোমাৰ কবিক কাষতে পাবা ।