কবিতা :: ভগা জুপুৰি আৰু এগৰাকী কবি --- সমুজ্জ্বল ডেকা

ভাদ মহীয়া সোণোৱালী ৰ'দত
দেহাটি দহে
বৰষুণ নামিলে বিজুলী-ঢেৰেকনিৰে
বুকু ফাঁট মেলা ৰক্ত যেন টুপ্-টুপ্ সৰে
তথাপিও ইয়াত আজিও
তেওঁ সৰলতাৰে বসবাস কৰে
সুখ-আনন্দ আদিবোৰ ইয়াতেই ৰোপন কৰিছে
নহ'লেনো নিশাৰ আকাশৰ জোন-তৰাবোৰ চাই
শেতেলিতে ইমান গভীৰ প্ৰেমৰ কবিতা তেওঁ কেনেকৈ লিখে!
এই ভগা জুপুৰিতে
তেওঁৰ সপোনবোৰ হেঁপাহবোৰ জীয়াই থাকে
বাঢ়ি বাঢ়ি দিঠকত দিনে দিনে হাঁহে
আবেগবোৰ এন্ধাৰ একোণত লুকুৱাই
নাজানো কেনেকৈ
বিনা দ্বিধাই আনে নেদেখাকৈ ৰাখিব পাৰে!
নাৰীৰ সমানেই কষ্ট সহিষ্ণু গুণ
নিশ্চয়কৈ সেইজনা কবিৰো তেজে-তেজেই আছে!
যিজনে তমসা এন্ধাৰৰ ভিৰতো
সপোনভৰা আশাবোৰ হাঁহিৰে বুটলি ল'ব জানে ৷
সময়ৰ কোলাত ভগা জুপুৰিটি যিমানেই ভাগে
তেওঁৰ কবিতাত সিমানেই গভীৰতা বাঢ়ে
তথাপিও গভীৰতাত আৰু গভীৰতাহে বিচাৰি ফুৰে
চোৱাচোন সেইজনা কবিয়ে
কেনেকৈ বাৰু
ভগা জুপুৰিটিকো হৃদয়ৰপৰা ইমানকৈ ভাল পাবলৈ শিকে ৷
এয়াই হয়তো
প্ৰকৃত কবিৰ নিভাঁজ প্ৰেম-ভালপোৱা
এয়াই হয়তো
তেওঁৰ আদৰ্শশীল আংশিক জীৱন গাঁথা.......!!

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,845
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,206
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,783
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,436