কবিতা :: ভগৱান --- শেখৰ ভট্ৰাচাৰ্য

সৰুকালৰ পৰাই শুনি আছো

ভগৱানৰ কথা,

কিন্তু কেতিয়াও দেখা নাই ভগৱানক ,

বিচাৰি উলিয়াব পৰা নাই

ভগৱানৰ ঠিকনা,

যেতিয়াই দুখ পাইছো

তেতিয়াই হিয়া উজাৰি কান্দিছো,

হাতদুখন যোৰ কৰি ভগৱানক বাৰে বাৰে

মাতিছো

তথাপিও ভগৱানক লগ পোৱা নাই,

দিয়া নাই মোৰ চকুদুখন মচি

এজনী ছোৱালীৰ প্ৰেমত পৰিছিলো,

মোৰ প্ৰেমৰ পাত্ৰটো

ভাঙি চুৰমাৰ হৈ গ’ল

কেইবাদিনো ধৰি বহুতো প্ৰাৰ্থনা কৰিছিলো,

কোনোদিনেই নুশুনিলে

ভগৱানে মোৰ প্ৰাৰ্থনা ।

ভগৱান আছে নে নাই

মই নাজানো,

ভগৱান জুপুৰি ঘৰত থাকে নে ডাঙৰ অট্ৰালিকাত থাকে তাকো

মই নাজানো,

তথাপিও মই ভগৱানক

এতিয়াও বিশ্বাস কৰো

সেই বিশ্বাসক মই সদায়

পূজো কৰো ।

যিদিনা প্ৰমাণ হ’ব

ভগৱান আছে বুলি

সেইদিনাৰ পৰাই আৰম্ভ

হ’ব তেওঁৰ বিৰুদ্ধে

সাধাৰণ মানুহৰ সংগ্ৰাম

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,225
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,747
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,277
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,142