কবিতা :: ভালপোৱাৰ বিশেষ দিন --- শেখৰ ভট্ৰাচাৰ্য

বহুতো অপেক্ষাৰ পিছত

তোমাৰ লগত মোৰ

প্ৰেমৰ অধ্যায় আৰম্ভ হৈছিল ।

তুমি মোৰ ওচৰত

ভালপোৱাৰ বাবে এটা

বিশেষ দিন বিচাৰিছিলা ।

সেইদিনটো হ’ল অহাকালি

তোমাৰ সৈতে ফুৰিবলৈ

যাম মই অচিন ঠাইলৈ ,

য’ত তোমাৰ আৰু মোৰ

বাহিৰে কোনেও নাথাকিব ।

হাতত হাত ধৰি যাম দুয়োজনে,

চকুত চকু থৈ মধুময়

প্ৰেমৰ কথা পাতিম

হেৰাই যাম সপোনৰ সাগৰত ,

কথাবিলাক ভাবিলেই

উৎকণ্ঠাবোৰে ডোঙা বান্ধে মনত ।

ৰায়ডাক নদীৰ পাৰৰ

বতাহ জাকে উজাই আহি

তোমাৰ শাৰীৰ আঁচল উৰুৱাব ।

ধূলিকনাই উৰুৱাই নিব

তোমাৰ কপালৰ

সোণালী বৰঙীয়া

উৰণীয়া চুলিকোছা ।

খোপা বান্ধি আহিবা তুমি ,

বান্ধি আহিবা মনৰ ভাবনালৈ ।

তোমাৰ হাঁহি বৰ ধুনীয়া

আৰু আকষৰ্ণীয় ,

সেইবাবে অহাকালি

বেছি নাহাঁহিবা ,

তুমি হাঁহিলে -

মোৰ বুকুৰ পগলা

নৈখনে গতি কৰা

আৰম্ভ কৰিব ।

মনত ৰাখিবা তুমি

বিচৰা এইখনে হ’ব

ভালপোৱাৰ বিশেষ দিন ,

তোমাক লগ পাবলৈ

অপেক্ষা কৰিব লাগিব

আজিৰ এই দীঘল

অন্ধকাৰময় ৰাতি ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,102
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,338
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,367
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,952
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,820
শিতান: অনুভৱ
মুঠ পঢ়ুৱৈ সংখ্যা:1,890