কবিতা :: ভালপোৱাৰ ৰামধেনু ৰঙ আকাশত --- ৰতন ভট্টাচাৰ্য

ভালপোৱাৰ ৰামধেনু ৰঙ আকাশত

সাঁচিছিলো বুকুত আৰু মোৰ দুচকুৰ জুইত ,

গোলাপৰ দৰে ৰঙবোৰ গাঢ় হৈছিল মনত

বসন্তৰ পথাৰত সেউজীয়া প্ৰকৃতিৰ আঁচলত !

মই তোমাক পাম ভাৱি ফুৰিছিলো বাগিছাখনত

মনে যে সুধিছিল তুমি ক'ত, তুমি ক'ত ;

তুমি মোৰ কবিতাৰ সেউজীয়া চৰাই যেন মোৰ হৃদয়ত

সেই যে ফুৰি থাকা ! জনা অজানা বাটত

সিপাৰৰ তেনে অজান নদীৰ ঘাটত !

গোলাপৰ দৰে বসন্তৰ ৰঙবোৰ মোৰ মনত

তুমি আহিবা এটি কবিতা হৈ মোৰ কলমৰ আগত !

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,770
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:633
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,417
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,717
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,299
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,900