কবিতা :: ভোক --- সাগৰ সঞ্জীৱ

লহপহকৈ বাঢ়ি অহা ভোকে আগুৰিছে আমাক

কেতিয়াবা জীয়াই থকাৰ,

কেতিয়াবা এখনি বস্ত্ৰৰ

নাইবা, এমুঠি অন্নৰ ভোক ।।

দুখীয়া হোৱাৰ যন্ত্ৰণা কি ?

তই যে নুবুজিবি ভাইটি ;

যান্ত্ৰিকতাৰ সমাজখনত

কাৰোৱেই আহৰি নাই

আমাৰ বাবে ভাবিবলৈ ।

এয়া ল'

এগৰাহ শুকান ভাত

মৰমবোৰ সানি দিছো তাত ।

আই বোপাইক হেৰুৱাই দিশহাৰা হৈছো

ফুটপাথত পৰি হলেওঁ জীয়াই আছো ।

তই মাথো ডাঙৰ হ'

ভাল মানুহ হ',

আমাৰ দৰে দুখীয়াবোৰক নাপাহৰিৱি;

মনৰ দুখীয়া নহবি...

মাতৃভূমিৰ দালালবোৰৰ হাতত

নিজকে কেতিয়াওঁ বিক্ৰি নকৰিবি ।

এতিয়া তয়েই যে মোৰ সপোন

মাত্ৰ সম্পৰ্কৰ এনাজৰীডাল পাহৰি নাযাবি ।।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,014
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:387
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,513
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,732
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,064
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,955