কবিতা :: মই কৰ্ণ হ'ব নোখোজো --- মানস জ্যোতি শইকীয়া

মই কৰ্ণ হ'ব নোখোজো

বনৰীয়া যৌৱনৰ চাকনৈয়াত সোমাই

জীৱনৰ অৰ্থ নুবুজা

অসহায় কিশোৰী কুন্তীৰ ,,,,

মাতৃগৰ্ভক অপমান কৰি

মই মহান হ'ব খোজা নাই ৷

মিউনিচিপালিতিৰ জাবৰৰ বাকচত

পেলাই নিদি অথবা,

পলিথিনত ভৰাই মাটিত পুটি নথৈ,

কোনো ৰাধাৰ বুকুৰ উম পাবলৈ বুলি

পাচিত ভৰাই নদীত উতুৱাই দিয়াৰ বাবেই

সেইদিনা, এজনী মাতৃ দোষী আছিলনে ?

তেন্তে যি পিতৃক কৰ্ণই পূজিছিল,

যাক ঈশ্বৰৰ স্বীকৃতি দিছিল,

সেই পলৰীয়া ঈশ্বৰৰূপী পিতৃ

নিৰ্দোষী হ'ল কেনেকৈ ?

তেনে স্বাৰ্থলোভী কৰ্ণ হ'ব

নোখোজো ৷

মই কৰ্ণ হ'ব নোখোজো ৷

কৰ্ণক জাৰজ সজোৱা

সেই সমাজখন,

যি এফালে জনসংখ্যা বিস্ফোৰণৰ

সমালোচনা কৰে,

আৰু আনফালে

জন্ম নিৰোধকৰ বিজ্ঞাপনত ক'লা ৰং সানে,

যি জনসংখ্যা নিয়ন্ত্ৰনৰ আঁচনি সাজে,

আনফালে,

এবৰচনৰ বিৰুদ্ধে ক'লা আইন সাজে,,,,,,,,

সেইখন সমাজৰ দোষৰ বিচাৰ

কোনে কৰিব ?

অন্ধ কৰ্ণ, মূৰ্খ কৰ্ণ ৷

মই কৰ্ণ হ'ব নোখোজো ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,215
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,049
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,914
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,545
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,510
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,097