কবিতা :: মই যে নষ্ট কবি --- মহিদুল ইছলাম বুলবুল

ৰাতিপুৱাৰ কুঁৱলি বোৰক
নকবা সুখৰ সাধু
লাজত গোলাপৰ পাহিবোৰ দোঁ খাব।
অতীতৰ সাধুকথা।
দুখৰ হুমুনিয়াহ।

প্লিজ...
নাহিবা মনৰ পৰিসীমালৈ আকৌ
পাৰ হৈ নাযাবা মোৰ পদূলিৰে
কেৰাহিকৈও নাচাবা মোলৈ
মা কছম্
মাতাল হৈ যাম আকৌ এবাৰ
তোমাৰ প্রেমত
হৃদয়ত বাজি উঠিব
প্রেমৰ বীণ।

জানাই দেখোন
মই নষ্ট কবি।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:2,280
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,651
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,321
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:397
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:329