কবিতা :: মন যায় (২) --- গোপাল নাথ

মন যায় মোৰ ফুল হৈ ফুলিবলৈ,

কিন্তু মানুহৰ মাজত সুগন্ধি বিলাবলৈ নহয়,

পদূলি মূৰৰ বকুল ফুল জোপাক

বাটৰ বাটৰোৱাই ৰ লাগি চায় ।

কিন্তু গচকি থৈ যায় দুবৰিক ।

আকৌ মন যায় মোৰ চৰাই হৈ,

আকাশত উৰিবলৈ ।

আকাশত তিৰ বিৰায় থকা সেই

তৰাৰ লগত মোৰ মনৰ আৰু,

দূখৰ কথা পাতিবলৈ……

মন যায় মোৰ চৰাই মাতেৰে,

চিঞৰি চিঞৰি সকলোকে সুপ্ৰভাত জনাবলৈ

আৰু কিমান যে আশা আছে

কিন্তু মনৰ আশা মনতে ৰৈ থাকেতেই

পুৱা হৈ যায় গধূলি ।।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: অসমীয়া কৌতুক
মুঠ পঢ়ুৱৈ সংখ্যা:1,083
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,677
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,414
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,554
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,367