কবিতা :: মোৰ অনুভৱৰ বংশিকা --- সমুজ্জ্বল ডেকা

তুমি বংশিকা
দিনে-দিনে ধুনীয়াজনী হৈ পৰিছা
চালেই চকুৰোৱা
"তুমি কিয় এনেকৈ মোলৈ চাই আছা ?"
- এইবুলি যেতিয়ালৈ নোকোৱা মোৰ মাথো তোমাকেই চাই থাকিবলৈকে মন যায় ৷
প্লিজ নক'বা !
জীৱনৰ সমস্ত ভালপোৱা তোমাৰ হৃদয়ত ঢালি দি
হৈ যাব বিচাৰো মাথো
তুমি বিচাৰি ফুৰা ধৰাৰ বুকুৰ চিৰন্তন শ্যামলিমা...!!

বেলি ডুবা আকাশখনি চাই ইমানেই ভালপোৱা যেতিয়া
একেলগে আবেলিৰ হেঙুলী ৰহন সানো আহা
পৰিভ্ৰমীচৰাইৰ জাঁকবোৰে তোমাকো চিনি পোৱা হ'ল
মোৰ স'তে সময়বোৰ যেতিয়াৰেপৰা
হাঁহি-আনন্দৰে ধৰি ৰাখিব পৰা হ'লা
উভতি যোৱাৰ পথত সিহঁতে সম্প্ৰতি
আমাক দেখিলেই জীৱনানন্দ গীত জুৰে
ভালপোৱাৰ মূল্যবোধ সিঁহতেও বুজে তোমাৰ-মোৰ দৰেই

দূৰে দূৰে নৰ'বা
কাষৰতে আহি বহিলে কিনো আহে তোমাৰ অসুবিধা
নিৰ্জনতাৰ মাজত অকণমান তোমাৰ গভীৰ সান্নিধ্যতা
সপোনফুলীয়া মোৰ নিৰস বাস্তৱক জীপাল কৰিব ধৰা
যেন স্বচ্ছ-সিক্ত টোপালৰ অলেখ-অযুত নিয়ৰৰ কণা....৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,539
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,291
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:359
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,798
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,977
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:445