বহুদিন হ'ল তোৰ স’তে দেখা হোৱা নাই
তোৰ ভাৱত বিভূৰ হৈ
পৰা নাই পাহৰিব
জীৱনৰ দূখবোধ ,
খৰস্ৰুতা সময়ৰ সোঁতত বাগৰিছে
জীৱনৰ তিতা-মিঠা ক্ষণবোৰ ।
মোৰ প্ৰাণৰ কবিতা
ক'ত জানো তই হেৰাই গলি ?
প্ৰতিটো শব্দৰ মাজত
তোক বিচাৰি মই হাবাথুৰি খাওঁ ,
তই চাগে পাহৰিলি
তোৰ মাজত যে বিচাৰি পাওঁ
জীৱনৰ অস্তিত্ব
জীয়াই থকাৰ হেঁপাহ
সময়ে নিদিয়ে কেউকে ঠাই
দিনবোৰ এনেদৰেই পাৰ হৈ যায়
হৃদয়ত সাঁচ বহুৱাই
তথাপিতো থাকিবি তই
মোৰ জীৱন লগৰী হয়
চিৰদিন চিৰকাল ।।