মোৰ শুকান মৰুভূমিত তুমিয়েই এটোপাল বৃষ্টি
আছিলা
হয়,আছিলা,
আজি দেখোন সেই বৃষ্টি আকৌ শুকাই গ’ল
আৰু পৰি ৰ’ল মোৰ শুষ্ক হৃদয় ।
আজি এই দুখীয়া কবিৰ হেৰুৱাবলৈ একো নাই,
মাথো বাকী ৰৈছে এই দেহসঁজাটি ।
তুমি ভাবিছিলা ছাগে মই
মোবাইলৰ এটা ৰিচাৰ্জ কাৰ্ড,
ব্যৱহাৰ হোৱাৰ পিছত দলিয়াই দিলা ।
কিন্তু এই কবিৰো এখন হৃদয় আছে,
কাৰোবাক হিয়া উজাৰি ভাল পোৱাৰ ক্ষমতা আছে ।
দুৰ্গাপূজাৰ যে আমাৰ সেই লগ কৰাবোৰ
তোমাৰ লগত কৰা ধেমালিবোৰ,
তুমি কৰা খং অভিমানবোৰ,
আৰু তোমাৰ সেই হাঁহিটো,
এই সকলোবোৰ স্মৃতি হিচাপে লৈয়ে
পাৰ কৰিম জীৱনৰ বাকীবোৰ মুহূৰ্ত ।
ইতি – তোমাৰ শুভাকাংক্ষী ।