তেওঁৰ স'তে মোৰ দূৰত্ব...
বহুত নাছিল, একেটা কোঠাৰ দুটা চুক ।
তথাপিও...
অতিক্ৰম কৰাৰ সাহস যে কাৰো নহ'ল।
মানুহ কেনেকৈ ইমান নিৰ্বিকাৰ হ'ব পাৰে ???
মই...
আগত মই আছিলোঁ
ইপাহ সিপাহ ফুলত উৰি ফুৰা
এজনী চঞ্চল পখিলা,
আৰু এতিয়া ?
কাৰাবন্দী নিৰৱতাৰ আৱৰ্তত,
তেওঁ যে নিৰৱ!
আচলতে তেওঁ নিৰৱ নাছিল,
আছিল নিবোকা ।
তেওঁ নিবোকা হোৱাৰ বাবেই
মৰহি গৈছিল মোৰ-তেওঁৰ আৰু
আমাৰ ঘৰদুখনৰ জীৱন ।
অতীতৰ সপোনত তেওঁ তেতিয়াও মগ্ন আছিল
অথচ সমাজৰ সাক্ষীত আছিলোঁ
মই তেওঁৰ বৰ্তমান ।
বুকুৰ মৰমৰ পাহিবোৰ মৰহি গ'ল ।
তেওঁ অক্কণো সলনি নহ'ল ।
কিন্তু সলনি হ'লো মই…