কবিতা :: যদি কেতিয়াবা সময় পোৱা --- বিজু ভকত

যদি কেতিয়াবা সময় পোৱা
অনুগ্ৰহ কৰি ফোন এটা কৰিবা,
হয়তো তুমি ব্যস্ত এতিয়া
ঠিক মহানগৰীৰ চিটি বাছৰ হেণ্ডিমেনৰ দৰে
তথাপি,
সময় পালে ফোন এটি কৰিবা |
.
আলফুলীয়া কৈ তোমাৰ সৈতে কথা পাতিব
মন নাযায় নে মোৰ ?
নাযায় নে তোমাৰ সৈতে
গোপন প্ৰেমৰ কথা পাতিব,
আনৰ দৰে পাৰ্কে পাৰ্কে মোবাইলে |
.
নে তুমি আনৰ দৰে নোহোৱা
মই আনৰ দৰে নহওঁ,
তথাপি মনত ৰাখিবা- আমি মানুহ
আমাৰ আনৰ দৰেই হৃদয় এখন আছে,
সেই কাৰণে মোৰ মন যায় বাৰে বাৰে |
.
নেজানো তুমি কথাবোৰ বুজিবা নে নাই
কিন্তু চিন্তা নকৰিবা
মই সকলো বুজি পাওঁ,
হয়তো তুমি ব্যস্ত এতিয়া
ঠিক মহানগৰীৰ চিটি বাছৰ হেণ্ডিমেনৰ দৰে
তথাপি,
সময় পালে ফোন এটি কৰিবা |

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:907
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,262
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,970
শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:3,025