কবিতা :: শব্দহীন কবিতা --- দিলীপ কুমাৰ শৰ্মা

এখন উকা কাগজ
আৰু কিছু বহুৰঙী আক্-বাক্
নীলাৰ বুকুত শুকুলা মেঘৰ ধীৰ গতি
উদিত সূৰ্য্যৰ সেন্দুৰীয়া ফোঁট
মৌপিয়া চৰাইৰ ধেনুভিৰীয়া ঠোঁট
দিন-ৰাতি, ৰ'দ-বৰষুণ, স্বৰ্গ-মৰ্ত্য ...
সেউজীয়া পাহাৰৰ খলা-বমা
কংক্ৰিটৰ মায়াপুৰী...।

বহুৰঙী আক্-বাকেৰে
এখন জীৱন্ত ছবি ।
হৃদয়ৰ ছন্দময় অনুভূতি...
ছবিয়ে কথা কয়, গান গায়
মিচিকিয়াই হাঁহে, হিয়া উজাৰি কান্দে !
চুকে কোণে উৰি ফুৰে
সুখৰ সংজ্ঞা বিচাৰি
সাক্ষী হয় অলেখ বেদনাসিক্ত অন্তৰৰ ।

সময়ৰ সাঁচিপাতত
চিত্ৰকৰৰ মনৰ দাপোন...।
লোক-কৃষ্টিৰ এক স্বচ্ছ প্ৰতিচ্ছবি
চঞ্চলা নিজৰাৰ ধাৰ
অব্যক্ত প্ৰণয়ৰ সংযমহীন অভিব্যক্তি
শোষণৰ বিৰুদ্ধে মৌন শোভাযাত্ৰা
যুদ্ধজয়ৰ বৰ্ণিল ইতিহাস ।
আৰু বুকুত কঢ়িয়াই ফুৰা
এটি শব্দহীন কবিতা...।।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,685
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,729
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,898
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,572
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,422
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,286