কবিতা :: শব্দ --- অবিনাশ কলিতা

শব্দই
বীজ হৈ গজে
ফুল হৈ ফুলে
অনুভূতিৰ
অগনি হৈ জ্বলে।

পোহৰৰ দূত হৈ
শব্দই নিতে
অন্তৰীক্ষ ধিয়ায়
অনন্ত সুৰৰ তৃষাত
শব্দৰ যেন
কণ্ঠ শুকায়
তথাপি
গীতৰ সুৱদি বাকি
পৰাণ জুৰায় ।

কথা মালিকাৰ
গন্ধ হৈ শব্দই
জগত–জীৱন
আমোলমোলায় ।

শব্দই দেখোঁ
প্ৰেম বিগলিত বুকু
ইখনিৰ পৰা সিখনিলৈ
সেতু বান্ধে

কেতিয়াবা
শব্দই কাঁইট হৈ
আৰু সেই বুকুতেই
দেখোঁ বিন্ধে।

শব্দৰ
বিকাৰ–বিচ্যুতি
কিম্বা
অনুচিত নিক্ষেপণে
বিষাদৰ বান আনে।

অসুস্থ
অজীৰ্ণ শব্দবোৰে
চয়তানৰ
চাবুকৰ দৰে
দাৰুণ আঘাত হানে।

সৰ্প দংশনৰ
জ্বালাতকৈও
সঁচাকৈ অসহনীয় হয়
শব্দৰ জ্বালা।

শব্দই আনে
কত ঘাত–প্ৰতিঘাত
তেও যে শব্দ
বিশ্বাসৰ
আপোন হাত
নিদানৰ
অমিয়া মাত।

একোটি শব্দ
সূৰুজক নিতে
স্তুতি কৰা
পংকজৰ
এষাৰি ‘সু–প্ৰভাত’
শব্দয়েতো
জীৱনৰ
ঘাই আলিবাট ।

শব্দই ব্ৰহ্ম
শব্দেৰেই আৱাহন
শব্দেৰেই বিসৰ্জন ।
শব্দ মিত্ৰ
শব্দ বৈৰী
সুন্দৰৰ আল্পনা
শব্দ জীৱনৰ
প্ৰকৃষ্ট সাধনা ।

চিৰবিনন্দীয়া শব্দ
অমৃত সুধা
শব্দময় সৃষ্টি এয়া
নিখিল বসুধা।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,747
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,940
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,714
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,971
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,423
শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:2,241