সেইটো কিহৰ শব্দ আছিল অ' আইতা
সেই শব্দতে মোৰ সকলো হেৰাইছিল বুলি
তুমি যে কৈছা ! ঢোল ,পেপা নাইবা গগনা
বজালে তেনে শব্দ হয় নেকি ? আইতা !
মই ভাবি ভাবি ভাগৰুৱা হৈ পৰো অ' আইতা
সেই শব্দতোনো কি ?
আজি অন্ততঃ মোক কৈ সান্তনা দিয়া আইতা
কোৱা মোক আইতা কোৱা
সেইটো কিহৰ শব্দ আছিল নো ?