কবিতা :: শিলালিপি --- মানস জ্যোতি শইকীয়া

সুৰঞ্জনাৰ বাবেই মই

শিল হ'ব খুজিছিলো,

সুৰঞ্জনাৰ হৃদয়খনক

আঁকিব খুজিছিলো মোৰ বুকুত ৷

আকাশৰ কথা লিখিছিলো ,

লিখিছিলো নৈখনৰ কথা ৷

কিদৰে ডাৱৰে ক্ৰমশঃ

উলংগ কৰি আনিছিল সেই পাহাৰখনক !

লাজত তেতিয়া

ডাঠ হৈ পৰিছিল সুৰঞ্জনাৰ হাঁহিৰ ওৰণি ৷

মই লিখিছিলো

শিলবোৰ কাটি কাটি,

আমাৰ ভালপোৱাৰ কথা ,

আঁচোৰ খোৱা বুকুৰ

অলেখ তেজৰঙী ভাষা ৷

যিবোৰ ভাষা হুমুনিয়াহ হৈ

চটফটাই উঠে,

আজিও মোৰ শিলালিপিত ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,215
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,097
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,752
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,545
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,769
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,605