শৰতৰ কোনো এটি সন্ধ্যাত
তাইৰ দুচকলৈ চাওঁতে
জোন এটা জ্বলি উঠা দেখিছিলো , আপোন বতাহজাকত
তাম বৰণীয়া চুলিখিনি
ঢৌ খেলি নাচি উঠা দেখিছিলো ।
মই দিয়া কুঁৱলীৰ ঘন আলোৱানখন
তাই গাত মেৰিয়াই লওঁতে
জোনাকৰ বৰষুণ এজাক সৰিছিল,
ওঁঠৰ সেউজীয়া মোহনাত
তৰাফুল এপাহ
ফুলি উঠিছিল ।
মই চাই আছিলো
মোৰ অহংকাৰী জোনটো অভিমানী হৈ তাইৰ গাভৰু চাঙত ডুব যোৱালৈকে,
যি স্বপ্নৰ উচ্চতাত নসৰাকৈ আছিল ।
শৰতৰ সেই সপোন যাক চুই চোৱাৰ হেপাঁহ থাকি যায়--- ৰ'দৰ ।