হাচনাহানাই গোলাপৰ স’তে
মিচিকিয়াঁ হাঁহিৰে
চকুৱে চকুৱে কথা পাতে ।
সেন্দুৰীয়া বেলিৰ হেঙুলী ৰহনবোৰে
চুমা আঁকি দিয়ে সেউজীৰ দুগালত ।
আকাশী পথেৰে উভতনি চৰাইজাকৰ
শৃংখলিত চিক্ চিকনি
সৰিয়হ তলিৰ জাবৰ জ্বলা গোন্ধ
শুকুঁলা ডাৱৰৰ কণিকাবোৰ চুই চাবলৈ
উৰ্ধমুখি ধোৱাবোৰৰ হেতাওপৰা !
বাহনি ডৰাৰ মাজে মাজে
গো-বাটটোৰে ঘৰমুৱা গৰুজাক
মলয়া চাটিৰ স’তে ভাহি আহে
গৰখীয়াৰ বাঁহীৰ মন পৰশা সুৰ ।
মন্দিৰৰ ডবা বৰকাহৰ ধ্বনিৰে
মুখৰিত আকাশ বতাহ
অন্য এক সুপ্ৰভাতৰ প্ৰতিশ্ৰুতিৰে
অৰুণে মেলানি মাগে
মহাসমুদ্ৰৰ সিপাৰলৈ ।।