কবিতা :: সপোন --- সোনমনি ৰাজ বৰুৱা

নাজানো কিয় আজি

বাৰে বাৰে বুকুখন কঁপিব ধৰিছে

নাজানো … ?

দুচকুৰে বৈ গৈছে অশ্ৰু

চাৰিওফালে যেন অন্ধকাৰ

পোহৰ বিচাৰি হাবাথুৰি খাইছোঁ

দুচকুত অলেখ সপোন

উজুটি খাই থমকি ৰৈ গৈছোঁ

যেন ভাগি যোৱা সপোন বোৰ

জোৰা লগাব বিচাৰিছোঁ

অনুভৱৰ দলিছাত

মাঁথো তোমাৰ ছবি আঁকিম

তুমিয়েই তো মোৰ

বিষাদ ৰাতিৰ লগৰী

অপেক্ষা মাঁথো এতিয়া

আবেলি বৰষুণজাকৰ বাবে ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,598
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,795
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,798
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,765
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,863