কবিতা :: সময় --- সঞ্জীৱন তামূলী

তুমি নাঙথ …

যেতিয়া আছিলা বসন্তৰ কোলাত

শিকায়ছিল তোমাক থুনুক থানাক মাত

আৰু কাপোৰ পিন্ধিবলে …… ৷

থুনুক থানাক কৰি বৰষাৰ হাতত ধৰি

আগুৱাই আহিছিলা নদীয়েদি …

তোমাৰ খোজৰ পৰশ পৰি বালিচৰে

বুটবুট শব্দ কৰি …..

তোমাক আকোঁৱালি লৈছিল ৷

বালিমাহীটিয়ে তোমাৰ বাহুত পৰি….

দুগালত যৌৱনৰ পৰশ আঁকি …..

হেমন্তৰ হাতত অৰ্পণ কৰি হাঁহি মুখে …

আকাশৰ লগত সিও বিলিন হৈই যায় ৷

তুমি তেতিয়া জোনাকীৰ লগত …

গৈ গৈ কোনোবা সন্ধ্যাৰ বগা আচলৰ তলত …

আছিলা নিৰুপাই হৈ …

ফাগুনাই উৰুৱাই নি থৈছিল কোনো গলিৰ কাষৰ নলাত …৷৷

……. তুমি নাঙথেই ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:374
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,596
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,348
শিতান: প্ৰবন্ধ
মুঠ পঢ়ুৱৈ সংখ্যা:2,454
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,294
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,369