পুৰণি স্মৃতিবোৰ সুঁৱৰিলে ভাল
মনটো সেইখিনি সময়লৈ ঢাপলি মেলি হয়টো মধুকৰৰ দৰে বিচাৰি ফুৰে স্মৃতিৰূপে ৰৈ যোৱা ক্ষণবোৰ ।
স্মৃতিয়ে ৰিঙিয়াই...
এৰি অহা কোনোবা এটি মুহুৰ্তই
এৰি কেইটামান দিনে
এৰি অহা কিছুমান সময়ে ।
মোৰ হৃদয়ৰ মণিকোঠাত মই সজাই ৰাখিম বন্ধুত্বৰ আপোনত্বৰ আলিংগনবোৰ
মই জীয়াই ৰাখিম স্মৃতিপটত ।
মই সঞ্চিত কৰি ৰাখিম এৰি অহা দিনৰ সুবাসিত সান্নিধ্যবোৰ
স্মৃতিৰ দিনলিপিত ।
চিৰস্মৰণীয় কৰি ৰাখিম বন্ধুত্বৰ
এনাজৰীডাল ।
স্মৃতিৰ জোলোঙা বুকুত বান্ধি মনত
এসাগৰ আশা লৈ মনৰ মাজত অযুত সপোন লৈ সকলোৱে আগবাঢ়ি যাম জীৱন পথৰ সন্ধানত ।
এদিন লগ পাম একো একোজন ব্যস্ত নাগৰিক হিচাপে ।
সেইখিনি সময়তে মনৰ মাজত হেন্দোলনি তুলিব স্মৃতিৰ জোলোঙাই ।
প্ৰতিধ্বনিত হ'ব মনৰ মাজত কলেজীয়া দিনৰ বহুতো স্মৃতি ।