কবিতা :: হাঁহিৰে জীৱন ভৰাই তোলা --- ড০ লখিমী গগৈ

মৌনতাৰ কোলাহলত যেন হেৰাই যাব খোজো

প্ৰতিটো প্ৰভাতে দিয়ে সুৰৰ গুঞ্জন

এখন নীলা আকাশ

তথাপি দুখ, তথাপি বেদনা এবুকু

পোৱা নোপোৱাৰ

সময়বোৰক দেখোন জুখিব নোৱাৰি

ধৰি ৰাখিবও নোৱাৰি

আধাফুলা কলিটি চাই থাকোতেই

প্ৰস্ফূটিত হ’ল

হেপাহ বোৰো বুকুতে ৰৈ গ’ল

অচিন পখীটিয়ে কৈ যায় বতাহক

সামৰি থোৱা তোমাৰ আলসুৱা ভাবনা

সময়বোৰ বৰ ছুটী

পাৰা যদি গীত এটিকে গোৱা

সুখৰ দিনৰ

দিনবোৰ মংগল হওক

সময় বোৰ সুখৰ হওক

হাঁহিৰে জীৱন ভৰাই তোলা ।

- লখিমী (৩০/০৪/১৭)

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,567
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,746
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,781
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,408
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,959
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,827