কবিতা :: হাকুটিৰে পাৰিম এমুঠি জোনাক --- বিষাদৰ ৰাণী জুৰি বড়া

নিসংগতা কাৰেঙত বুৰ যোৱা
হৃদয়খন
আশাৰ জোলোঙাত ভৰাই,
সেমেকা মনত
উৎসাহৰ শিকলি লগাই,
দুখ- যন্ত্ৰণাৰে ভৰা
উজাগৰী নিশাবোৰ
পাৰ কৰি যাওঁ
কণ্টকময় বাটেৰে
লক্ষ্য স্থান
প্ৰাপ্তত… !!

অঘৰী জীৱনত
অনায়াসে ভৰি থকা
অমানিশা নিৰৱতা ভাঙি,
মিছা প্ৰতিশ্ৰুতিবোৰ
আঁতৰাই হেঁচুকী,
মৰমৰ মুকুতা পিন্ধি,
পছোৱা বতাহত উৰি গৈ
হাকুটিৰে পাৰিম
তোমাৰ সতে
. স্বৰগৰ
এমুঠি জোনাক…!!

কুঁৱলিৰ জালিকটা বাটেদি
এটি নতুন সতেজ পুৱাই
অভাৱী মৰম দূৰ কৰি
কঢ়িয়াই আনিব
মোৰ জীবনলৈ
এটি অৰুণৰ জ্যোতি…!!!

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,808
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:431
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,155
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,398
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:563
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,341