কবিতা :: হালাকুৰালৈ আহিবা এদিন --- শেখৰ ভট্ৰাচাৰ্য

হালাকুৰালৈ আহিবা এদিন,
অট্ৰালিকাৰে ভৰা মহানগৰৰ আৱৰ্জনাবোৰ এৰি
উপভোগ কৰিবা নৈপৰীয়া জীৱনৰ
এটি মধুময় মুহূৰ্ত,
ৰৈ থাকিম তোমালৈ বুলি ।

হালাকুৰা মানেই মানৱতা আৰু প্ৰাচীন পৰম্পৰাৰ ঢল
আইয়ে মচি-কাচি থোৱা চোতালৰ দৰেই,
য’ত শুনিবা তুমি আধুনিক গীতৰ সলনি
প্ৰতিমা বাইদেউৰ ৰাজবংশী গান ।

ৰাতিপুৱাই পক্ষীবিলাকৰ মন মতলীয়া কৰা
সুৰৰ কঁপনিত চিনাকি হ’বা
পূৰ্বদিশৰ গেৰুৱা বসন পিন্ধা বেলিটিৰে
আৰু নিৰ্জন সন্ধিয়া পৰত উপভোগ কৰিবা
স্নিগ্ধ জোনাকৰ মাদকতা ।

মই লৈ যাম তোমাক
আমাৰ
গাঁৱৰ আঘোণৰ সোণোৱালী পথাৰলৈ,
তাত বুটলিম আমি কিবা-কিবি,
দুপৰীয়া ৰ’দৰ জালত পথাৰৰ ঢাপত বহি
মজা ল’ম ৰসাল ৰবাব টেঙাৰ,
আবেলি পৰত নিয়ৰত
সেমেকা ধূলিবোৰ গচকি
যাম
আমি দুখা-সুৱা নৈখনলৈ ।

দিনৰ শেষত তোমাৰ ক্লান্তি দূৰ কৰিবলৈ
ভাগ ল’বা ৰাজহুৱা সত্ৰৰ
ভকতি নামত,
য’ত জুৰ পৰিব তোমাৰ
নিৰাশাময় জীৱন।
হালাকুৰালৈ আহিবা এদিন,
ৰৈ থাকিম তোমালৈ বুলি ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:4,015
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,504
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,242
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,284