কলচি লৈ থমকি ৰ'ব তাই --- আব্দুল কুদ্দুচ

বহুতেই কয় মই হেনো চিপচ

দৰাচলতে মই চিপচ নহয় - দৰিদ্ৰ

তৰপে তৰপে দেহত দৰিদ্ৰতাৰ ধোঁৱাবৰণীয়া মলি

ভাবো বৰষুণ এজাক আহি ধুই নিব মলিনতা

সেউজীয়া হ'ব দেহ

বুকুৰে বৈ যাব সেউজীয়া নৈ

সুখৰ কোলাহলত কলচি লৈ থমকি ৰ'ব তাই

সেউজীয়া ঘাটত

কিন্তু বৰষুণ অহা নাই এতিয়ালৈ

হাল লৈ খেতিয়ক ৰৈ আছে সেউজীয়া হোৱা নাই মাটি

সেউজীয়া হোৱা নাই মোৰ দেহ |

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,724
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,073
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,137
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,489
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,050