কলম --- মৃদু জোনাক পয়োভৰ

দেউতাই চিনাকী কৰি দিছিল,
মোক তাইৰ সতে....
সৰুতেই....
মোৰ অবাক চাৱনিত,
তাই বাৰু মোক
লাজ কৰিছিল নেকি ?
মোৰ কোমল হাতৰ স্পৰ্শত
তাই হৈছিল নেকি শিহৰিত ?
কিমান যে কষ্ট দিছিলো
নিসংগ কৰি এৰি থৈ আহিছিলো
COLLEGE অথবা CANTEENOR TABLEOT
কিমান ৰাতি নিসংগতাৰে যে কান্দিছিল
তাইক এবাৰলৈয়ো নিচুকুৱা মোৰ মণত নপৰে
তথাপিও তাই মোৰ লগ এৰা নাছিল
বাৰে বাৰে প্ৰতাৰিত হৈয়ো
মোৰ কাষলৈ দৌৰি আহিছিল তাই
কিয় বাৰু মই বুজা নাছিলো
তাইৰ আকোঁলতাক...
চেহ...কথাবোৰ ভাবিলে আজি
অশ্ৰু বৰষে মোৰ দুচকুত
কিমান স্বাৰ্থপৰ মই
অ মোৰ প্ৰিয়া ক্ষমা কৰিবা
এতিয়াৰ পৰা আৰু মই
তোমাক দোষ নিদিওঁ
মই তোমাক ভালপাই পেলাইছো
অ' মই তোমাৰ প্ৰেমত পৰিছো
এতিয়া তুমাৰ অবিহণে
স্হবিৰ মোৰ জীৱন
তুমাৰ গইনাতে সাজিব বিচাৰো
এখন তৰোৱাল....
যিয়ে ফালি নেছানেছ কৰিব
অনীতি, ব্যাভিচাৰক.....

[ মোৰ প্ৰিয় কলমটোৰ স্মৃতিত কবিতাতো উছৰ্গা কৰিলো | আজি তুমাক হেৰুৱাই
দুখী মই | পাৰা যদি সোনকালে ওভতি আহিবা প্লিজ ,মোক ক্ষমা কৰি দিয়া
| গোটেইখন বিচাৰি তহিলং কৰিলো ,তথাপিয়ো তুমি ধৰা দিয়া নাই | কিয় ?? কিমান
আৰু অভিমান কৰিবা ? জানাইছোন তুমাৰ অবিহনে শেষ হব মোৰ সপোন | প্লিজ ওভতি
আহা.....]

+++++++++++++++++++++++++++++++++

কবি :: মৃদু জোনাক পয়োভৰ
ঠিকনা :: বকুলনী ,দুলিয়াজান

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,348
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:340
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,913
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,206
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,767
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,223