কাজলৰঙী চকুযুৰি --- মৃণালৰাজ কলিতা

জীৱনৰ বাটত ঘাট-প্ৰতিঘাটবোৰৰ মাজত কিছুমান খন্তেকীয়া তৃপ্তি-অতৃপ্তিকৰ নাটকীয় অভিনয়ে ৰেহ-ৰূপ সানি এটা সময়ত স্মৃতিৰূপে পৰিগণিত হয় ৷ নিয়তিৰ কোলাত উমলি উমলি অৱশেষত সিঁচৰিত হয় অতীতলৈ ৷ মানৱ জীৱনৰ প্ৰতিটো খোজতে উজুতি খোৱাৰ ৰেখা টানি দিয়ে ৷ কিছুমান হয়তো বৰলুইতৰ পানীৰ দৰে নিৰ্মল আৰু আনন্দদায়ক আৰু কিছুমান সুবিশাল আকাশৰ ক'লা ক'লা মেঘৰ দৰে বেদনাদায়ক ৷ সুখ-দুখৰ উপভোগেই হৈছে জীৱন ৷ স্মৃতিৰ চিহ্ণৰূপে অতীত সদায়ে প্ৰতীক যি কেতিয়াও মুচি পেলাব নোৱাৰি কিন্তু সঞ্জীৱিত হয় হৃদয়ৰ প্ৰতিটো কোণত ৷

অতীতৰ কথাবোৰে সমীনৰ মনত আজি বাৰুকৈয়ে স্পৰ্শ কৰিছে ৷ সপোনৰ ডেউকা মেলি উৰা মাৰিবলৈ মন গৈছে অতীতৰ ঠিকনা বিচাৰি ৷ পলে-অনুপলে স্কুলীয়া জীৱনৰ কাজলৰঙী চকুযুৰিয়ে অতীতলৈ ৰিঙিয়াই মাতিছে ৷ আশাৰে উপচি থকা দুটোপাল চকুলোৰ বন্যাই সমীনৰ মনটো উদাসীন কৰি তুলিছে ৷ হিৃদপিণ্ডৰ ধিমিক ধিমিক স্পন্দনৰ সৈতে এষাৰ বাক্যৰ অনুপস্তিতিত সেই কাজলৰঙী চকুযুৰি আজি মাথোঁ সপোন হৈয়ে ৰ'ল ৷

স্কুলীয়া জীৱনৰ পাতনি মেলি সাত বছৰ কাল অতিক্ৰম কৰাৰ পাছৰ পৰাই হয়তো কাজলৰঙী চকুযুৰিৰ সৈতে চিনাকী ৷ সমীনহঁতৰ গাওঁখনৰ সিটো মূৰত থকা বৰ পুখুৰী পাৰৰ গাওঁখনৰ পৰা তাই সদায় সিঁহতৰ বাটেৰে অহা- যোৱা কৰে ৷ ফুটফুঠীয়া ছাতিটোৰ আঁৰত লুকাই আনে তাইৰ লাজুকীয়া মূখখন ৷ দেহৰ ভাঁজে ভাঁজে কঢ়িয়াই আনে অনুভৱৰ শিহৰণ ৷ তাৰ দুচকুৰ চাৱনি তাইৰ দুচকুত পৰে আৰু গোটেই দিহটোতে সিঁচৰিত হৈ যায় প্ৰেমৰ অনুভূতি ৷ মিলনৰ ক্ষন্তিকীয়া ক্ষণত উপভোগৰ তৃপ্তি যেন বিশাল হৈ পৰে ৷

সমীনে প্ৰায়েই সিঁহতৰ স্কুলৰ সন্মূখত থকা ডাঙৰ গছডালৰ তললৈ লক্ষ্য কৰে , কিজানিবা তাই আছে ৷ সমীনক দেখিলে তায়ো যেন উত্তাৱল হৈ পৰে ৷ যেনিবা বুজি পায় তাৰ দুচকুৰ ভাষাবোৰ ৷ কিন্তু প্ৰকাশ কৰিব পৰা নাই দুয়ো-দুয়োৰে দুচকুৰ আঁৰত লুকাই ৰখা কথাবোৰ ৷ সিঁহতে কথা পাতে দুচকুৰ চাৱনিৰে , হৃদয়ৰ পৰা নিগৰি অহা প্ৰতিটো কথা ৷ এটি জ্বলন্ত শিখাৰ দৰে সত্য সিঁহতৰ চাৱনি , প্ৰেমৰ আদান- প্ৰদান য'ত প্ৰকাশৰ কোনো কাণসাৰ নাই ৷

সমীনৰ মনত কেতিয়াবা কিছুমান কথাই বাহ লয় ৷ তাইৰ সৈতে চিনাকী হোৱা, মনৰ কথাবোৰ কোৱা আদি ৷ কিন্তু সি অকণো সাহস গোটাব পৰা নাই ৷ অশেষ চেষ্টা কৰিঁও তাইক মাতিব পৰা নাই ৷ আগুৱাই যাব খুজিওঁ থমকি ৰয় ৷ যদি সমীনৰ হৃদয়ত তাইৰ প্ৰতি থকা অনুভূতিবোৰ বুজি নাপায় আৰু আঁতৰি যায় তাৰ কাষৰ পৰা ৷ সি চিন্তা কৰি পাৰ নোপোৱা হ'ল ৷ কি কৰিব সি এতিয়া ৷ দুচকুৰ ভাষাবোৰ বুজি পোৱা নাই নে তাই ? নে বুজিবলৈ চেষ্টা কৰা নাই ৷ তেন্তে সমীনৰ দুচকুৰ চাৱনিত চাৱনি মিলাই কিয় লাজুকীয়া হাঁহিৰ সুৰভি বিলায় ৷ কিয় সেই গছডালৰ তলত ৰৈ থাকে সি অহালৈ বাট চাই ৷ কি লুকাই আছিল তাইৰ চাৱনিত , সি যে একো উমান পোৱা নাই ৷

" কি কৰি আছা সমীন, ভাত বাঢ়িছো আহা "

- নবৌয়েকৰ মাতত সমীনে অতীতৰ কথাবোৰৰ মাজৰ পৰা বাস্তৱলৈ উভতিল ৷ সি দেখিলে তাৰ বিচনাৰখনৰ সন্মূখত নবৌয়েকে ঠিয় হৈ আছে ৷ সি তলমূৰ কৰি ন-বৌয়েকক ক'লে –

" নাই এনেয়ে আছো ন-বৌ, এতিয়া ভাত খাবলৈ মন যোৱা নাই অকনমান পাছত খাম, তোমালোকে খোৱাগৈ " ৷
ন-বৌয়েক তাৰ কোঠালিটোৰ পৰা ৰান্ধনিশাললৈ গ'ল ৷ কেনেকৈনো চাব এই মূখখনলৈ ৷ এতিয়াতো নাই তাৰ কাজলৰঙী চকুযুৰিৰ চাৱনি, নাই স্কুলীয়া জীৱনৰ মধুৰ দিনবোৰ ৷ মাথোঁ আছে মনত নীৰৱে সাঁচি থোৱা কাজলৰঙী চকুযুৰিৰ এখনি ভাৱনাৰ সাগৰ , য'ত প্ৰতিক্ষণে সি উতি- ভাঁহি ফুৰিব পাৰে দূৰ-দিগন্তলৈ ....!!!

জীৱনৰ বাটত ঘাট-প্ৰতিঘাটবোৰৰ মাজত কিছুমান খন্তেকীয়া তৃপ্তি-অতৃপ্তিকৰ নাটকীয় অভিনয়ে ৰেহ-ৰূপ সানি এটা সময়ত স্মৃতিৰূপে পৰিগণিত হয় ৷ নিয়তিৰ কোলাত উমলি উমলি অৱশেষত সিঁচৰিত হয় অতীতলৈ ৷ মানৱ জীৱনৰ প্ৰতিটো খোজতে উজুতি খোৱাৰ ৰেখা টানি দিয়ে ৷ কিছুমান হয়তো বৰলুইতৰ পানীৰ দৰে নিৰ্মল আৰু আনন্দদায়ক আৰু কিছুমান সুবিশাল আকাশৰ ক'লা ক'লা মেঘৰ দৰে বেদনাদায়ক ৷ সুখ-দুখৰ উপভোগেই হৈছে জীৱন ৷ স্মৃতিৰ চিহ্ণৰূপে অতীত সদায়ে প্ৰতীক যি কেতিয়াও মুচি পেলাব নোৱাৰি কিন্তু সঞ্জীৱিত হয় হৃদয়ৰ প্ৰতিটো কোণত ৷

অতীতৰ কথাবোৰে সমীনৰ মনত আজি বাৰুকৈয়ে স্পৰ্শ কৰিছে ৷ সপোনৰ ডেউকা মেলি উৰা মাৰিবলৈ মন গৈছে অতীতৰ ঠিকনা বিচাৰি ৷ পলে-অনুপলে স্কুলীয়া জীৱনৰ কাজলৰঙী চকুযুৰিয়ে অতীতলৈ ৰিঙিয়াই মাতিছে ৷ আশাৰে উপচি থকা দুটোপাল চকুলোৰ বন্যাই সমীনৰ মনটো উদাসীন কৰি তুলিছে ৷ হিৃদপিণ্ডৰ ধিমিক ধিমিক স্পন্দনৰ সৈতে এষাৰ বাক্যৰ অনুপস্তিতিত সেই কাজলৰঙী চকুযুৰি আজি মাথোঁ সপোন হৈয়ে ৰ'ল ৷

স্কুলীয়া জীৱনৰ পাতনি মেলি সাত বছৰ কাল অতিক্ৰম কৰাৰ পাছৰ পৰাই হয়তো কাজলৰঙী চকুযুৰিৰ সৈতে চিনাকী ৷ সমীনহঁতৰ গাওঁখনৰ সিটো মূৰত থকা বৰ পুখুৰী পাৰৰ গাওঁখনৰ পৰা তাই সদায় সিঁহতৰ বাটেৰে অহা- যোৱা কৰে ৷ ফুটফুঠীয়া ছাতিটোৰ আঁৰত লুকাই আনে তাইৰ লাজুকীয়া মূখখন ৷ দেহৰ ভাঁজে ভাঁজে কঢ়িয়াই আনে অনুভৱৰ শিহৰণ ৷ তাৰ দুচকুৰ চাৱনি তাইৰ দুচকুত পৰে আৰু গোটেই দিহটোতে সিঁচৰিত হৈ যায় প্ৰেমৰ অনুভূতি ৷ মিলনৰ ক্ষন্তিকীয়া ক্ষণত উপভোগৰ তৃপ্তি যেন বিশাল হৈ পৰে ৷

সমীনে প্ৰায়েই সিঁহতৰ স্কুলৰ সন্মূখত থকা ডাঙৰ গছডালৰ তললৈ লক্ষ্য কৰে , কিজানিবা তাই আছে ৷ সমীনক দেখিলে তায়ো যেন উত্তাৱল হৈ পৰে ৷ যেনিবা বুজি পায় তাৰ দুচকুৰ ভাষাবোৰ ৷ কিন্তু প্ৰকাশ কৰিব পৰা নাই দুয়ো-দুয়োৰে দুচকুৰ আঁৰত লুকাই ৰখা কথাবোৰ ৷ সিঁহতে কথা পাতে দুচকুৰ চাৱনিৰে , হৃদয়ৰ পৰা নিগৰি অহা প্ৰতিটো কথা ৷ এটি জ্বলন্ত শিখাৰ দৰে সত্য সিঁহতৰ চাৱনি , প্ৰেমৰ আদান- প্ৰদান য'ত প্ৰকাশৰ কোনো কাণসাৰ নাই ৷

সমীনৰ মনত কেতিয়াবা কিছুমান কথাই বাহ লয় ৷ তাইৰ সৈতে চিনাকী হোৱা, মনৰ কথাবোৰ কোৱা আদি ৷ কিন্তু সি অকণো সাহস গোটাব পৰা নাই ৷ অশেষ চেষ্টা কৰিঁও তাইক মাতিব পৰা নাই ৷ আগুৱাই যাব খুজিওঁ থমকি ৰয় ৷ যদি সমীনৰ হৃদয়ত তাইৰ প্ৰতি থকা অনুভূতিবোৰ বুজি নাপায় আৰু আঁতৰি যায় তাৰ কাষৰ পৰা ৷ সি চিন্তা কৰি পাৰ নোপোৱা হ'ল ৷ কি কৰিব সি এতিয়া ৷ দুচকুৰ ভাষাবোৰ বুজি পোৱা নাই নে তাই ? নে বুজিবলৈ চেষ্টা কৰা নাই ৷ তেন্তে সমীনৰ দুচকুৰ চাৱনিত চাৱনি মিলাই কিয় লাজুকীয়া হাঁহিৰ সুৰভি বিলায় ৷ কিয় সেই গছডালৰ তলত ৰৈ থাকে সি অহালৈ বাট চাই ৷ কি লুকাই আছিল তাইৰ চাৱনিত , সি যে একো উমান পোৱা নাই ৷

" কি কৰি আছা সমীন, ভাত বাঢ়িছো আহা "
- নবৌয়েকৰ মাতত সমীনে অতীতৰ কথাবোৰৰ মাজৰ পৰা বাস্তৱলৈ উভতিল ৷ সি দেখিলে তাৰ বিচনাৰখনৰ সন্মূখত নবৌয়েকে ঠিয় হৈ আছে ৷ সি তলমূৰ কৰি ন-বৌয়েকক ক'লে –
" নাই এনেয়ে আছো ন-বৌ, এতিয়া ভাত খাবলৈ মন যোৱা নাই অকনমান পাছত খাম, তোমালোকে খোৱাগৈ " ৷ ন-বৌয়েক তাৰ কোঠালিটোৰ পৰা ৰান্ধনিশাললৈ গ'ল ৷ কেনেকৈনো চাব এই মূখখনলৈ ৷ এতিয়াতো নাই তাৰ কাজলৰঙী চকুযুৰিৰ চাৱনি, নাই স্কুলীয়া জীৱনৰ মধুৰ দিনবোৰ ৷ মাথোঁ আছে মনত নীৰৱে সাঁচি থোৱা কাজলৰঙী চকুযুৰিৰ এখনি ভাৱনাৰ সাগৰ , য'ত প্ৰতিক্ষণে সি উতি- ভাঁহি ফুৰিব পাৰে দূৰ-দিগন্তলৈ ." data-share-imageurl="">

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:852
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,868
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,739
শিতান: আমাৰ গাঁও
মুঠ পঢ়ুৱৈ সংখ্যা:3,334
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,089
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,174