কাজৰী --- বিকিৰণ পাঠক

কাজৰী,
কি বুলিনো তোৰ চকুত চকু থওঁ
তোক এবাৰলৈ বুলি ঘূৰি চাবলৈ মাতিব খুজিও, ধেত্ ...

( কৰনৈ কৰনৈ,
কাপুৰুষৰ দৰে পলাই আহিছো তোৰ কাষলৈ
তোৰ বুকুত মুখ গুজি উচুপো, দেচোন -
দেচোন আঁচল খন,লাজ ঢাকো )

...কাজৰী,
চুলেই জিকাৰ খোৱা কিহবাৰ বতৰা লৈ নাবাজে নেকি বুকুত তোৰ তুহীন বীণাৰ তান ?
মই যে তোৰ সলাজ বুকুৰ আঘোণী পথাৰ উকা কৰি নিয়া বলীয়া বান
সেই যে ৰং চাবলৈ বুলি তোৰ বেণী গাঁঠি খুলি
নাপালো বতৰা ৰঙেই যে দিছিল তোৰ প্ৰেমৰ জপনা মেলি...

( কৰনৈ কৰনৈ,
ধু ধু দুপৰবোৰে চোন তোৰ বুকুতেই চুলি মেলে
তথাপি কিয় আহে তোৰ ভৰা বুকু শুদা কৰো বুলি জেঠৰ খৰ
তোৰো আছে নেকি দুখ ?
আছে নেকি হিয়াত হেন্দোল তুলি চৰ খান্দি নিয়া অনেক বতৰা
ক'ম বোলোতেই থাকি যোৱা )

...কাজৰী ঐ,
তোৰ কলিজাৰ ফেৰেঙণিত মোৰ মনটোক বাহ বান্ধিব দিলি -
মই নাজানিলো, মই বিবেকহীন !
পথাৰ সেউজীয়া হাঁহি এটিৰে সৈতে সেই চাঁৱনি
মই নেদেখিলো,মই দৃষ্টিহীন !!
ফটিকাৰ নিচা সানি ওঁঠলৈ বিয়পিব খোজা এটি মিঠা অনুভূতিৰ পৰশো অনুভৱ নহ'ল
মই অনুভূতিহীন !!!
মই বধিৰ-অন্ধ
কিন্তু তই কাজৰী - তই যে বোবা হৈ ৰৈ গ'লি
এবাৰো নক'লি যে...
উহ ! কাজৰী !
বোবা কাজৰী !!
মুক কাজৰী !!!

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,618
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,789
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,101
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,380
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,144