কি নাম আছিল তোমাৰ --- কুমুদ কলিতা

কি নাম আছিল তোমাৰ

অনামিকা, অনুৰাধা নে সাগৰিকা..

দুচকুত কাজল

হাহিত ফুলে বকুল

আধা মেলা চুলি

বতাহত আউলি বাউলি

তুমি মেডোনা নে

শেক্সপীয়েৰৰ ডেচদেমিনা

তুমি বাৰু কিয় ইমান ধুনীয়া..?

আওৰাও উজ্জ্বল পাওগামৰ কবিতা

তুমি ধুনীয়া বাবেই মই ভালপাও নে

মই ভালপাও বাবেই তুমি ধুনীয়া

নাজানো...

ছেঃ, নামতো নহ'ল সোধা...

কাইলৈ আকৌ লগ পাম তোমাক

খিৰিকি মুখত বহি গুণগুনাই যাবা

"এপাহি হাহি আৰু এপাহি দূখ

তাৰেই সজাই তোলো মোক"

পিন্ধি আহিবা সোনাৰুবুলিয়া ছুৰিদাৰ

নাকত অহংকাৰী হৈ বহিব

পলাশী ফ্ৰেমৰ চচমা

কোলাত আলফুলে শুই যাব তোমাৰ

কলেজ বেগ

(নাজানো তোমাক লগ পামনে নাপাম)

কি নাম আছিল বাৰু তোমাৰ

অনামিকা, অনুৰাধা নে সাগৰিকা....;

ছেঃ, নামতো নহ'ল সোধা...

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:2,957
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,266
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:801
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:4,528
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,417