কেনি গ'ল সেই লৰালি --- বিষ্ণু বড়া

ধূলিয়ে-বালিয়ে মই ওমলা ল'ৰালিৰ
কেতিয়ানো পাৰ হ'ল মোৰ ল'ৰালিৰ আবেলি ।
নে নিজে উটুৱাই দিলো সময়ৰ বুকুত
সেই মোৰ হালধীয়া আবেলি ।

ভনিটি ঐ তইয়ো ছাগে পাহৰিলি
তাহানিৰ দুয়োটাই খেলা হেঙুলীয়া আবেলি
সেই বাবে তোৰ আজি দীঘল ওৰণি
হলিগৈ তই আনৰ ঘৰৰ এজনী
অতীত বোৰ সুমৰ জুইত সপি দি ।
দূৰৈৰ পৰা কোনে বা ৰিঙিয়াই মাতিছিল ,
লৈ আন বৰশী যাওঁ আমি দীঘলীয়া পুখুৰী ।
নাই আজি সেই লেচেকনি এচাৰি
তেওঁৰ হাতত আছে এডাল লাখুতি ।
নাই আজি গাবলৈ ''শিয়ালীয়ে নাহিবি ৰাতি''
দুচকু মুদিলে দেখা পাওঁ আইৰ মিঠা হাঁহি ।
প্ৰেমত পৰিছিলো এযোৰ কাজল সনা দুনয়নাৰ গৰাকী
তাকো হেৰুৱালো এদিন নিষ্ঠুৰ নিয়তিৰ ফান্দত পাৰি ।
মই ভাগৰি পৰিছো আজি
স্মৃতিৰ টোপোলাবোৰ বান্ধি
এৰি অহা দিনৰ ঠিকনা বিচাৰি ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,539
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:359
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,829
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,192
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,291
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:467