ৰাতিপুৱা টিভিটো অন কৰিয়েই কলিতানীয়ে চিঞৰিলে , " হেৰা, মই আৰু এই ঠাইত নাথাকো, অনিল নগৰৰ ফালে মাটি কিনা।"
বাথৰূমৰ পৰাই কলিতা ,"কিয় ? ইয়াত কি অসুবিধা পাইছা?"
কলিতানী : একো অসুবিধা পোৱা নাই কিন্তু মোক অনিল নগৰত ঘৰ লাগে ।
কলিতা: কিন্তু তাত চোন অলপ বৰষুণ দিলেই বানপানী হয়।
কলিতানী : হওঁক।
কলিতা: নতুনকৈ মাটি কিনিবলৈ পইচা ক'ত?
কলিতানী : মই নাজানোঁ পইচা ক'ত? লাগিলে এই ঘৰ মাটি বিক্ৰী কৰা ।
কলিতা: কিন্তু কিনিব কোনে ? নতুন পইচা পুৰণি পইচাক লৈ সকলো ব্যস্ত । বিক্ৰী কৰি পোৱা টকা সলাবলৈ কিমান অসুবিধা হ'ব ভাবি চাইছানে?
কলিতানী : মই সেইবোৰ একো নাজানোঁ । অনিল নগৰত ঘৰ লাগে বচ্।
কলিতা: কিন্তু আজি হঠাতে অনিল নগৰৰ প্ৰেমত পৰিলা যে কিয় ?
কলিতানী : তুমি নিউজ চালেহে বুজিবা, অনিল নগৰত লাখ লাখ টকা ওলাইছে আজি ।
কলিতা: তাৰমানে তোমাক সেই টকা লাগে । তুমি মাটি কিনি তাত ঘৰ বনোৱালৈ তোমাৰ বাবে তাত কোনোবাই টকা পেলাই থব নেকি ?
কলিতানী : তুমিও যে আৰু !! তাত পৰি থকা টকা নালাগে মোক । কিন্তু চোৱাচোন বানপানীয়ে হওঁক বা পেলনীয়া টকাই হওঁক অনিল নগৰ নিউজত আহিয়েই থাকে । ইমান বছৰ ইয়াত থাকি কোনোবাদিনা টিভিত উঠিলা নে? তাত অন্ততঃ ঠাইৰ নামটো টিভিত আহি থাকিলে আমিও অনিল নগৰৰ বাসিন্দা বুলি লেবেল দিব পাৰিম। তোমাৰ গাৱঁৰ সেই বৌৱেৰা হ'তে জ্বলি মৰিব।
কলিতা: ????