খাগৰিমাইজান ---- সত্যজিত কাকতি

শুৱনি আমাৰ গাওঁখনি অতি শুৱনি গছেৰে ভৰা
ডাল ভৰি ভৰি ফল ফুল লাগে
কত পাঁও তলসৰা......

সচাঁকৈ উক্ত কবিতাকেইফাকি যেন আমাৰ গাঁৱখনৰ বাবে সৃষ্টি হৈছিল । বাৰু সি যি কি নহওক আমাৰ গাঁওখন ডিব্রুগড় জিলাৰ পূব দিশত অৱস্হিত আৰু ডিব্রুগড় চহৰৰ প্ৰায় ৪৯ কিঃ মিঃ আতৰৰ ৰহমৰীয়া অঞ্চলৰ এখন সৰু গাঁও। আৰু আমাৰ গাঁওখনৰ নাম হৈছে 'খাগৰিমাইজান ' । আমাৰ গাঁওখন প্ৰায় ৩ বৰ্গ
কিঃমিঃ ঠাইৰে আগুৰা । গাঁওখনৰ সন্মুখতে খেতিপথাৰখন আৰু ইয়াৰ উপৰি আমাৰ গাঁও খনক চাৰিখন চাহ বাগিছাই আগুৰি আছে । আমাৰ ককাসকলৰ মতে আমাৰ গাঁওখন পূৰ্বতে এখন জান আৰু খাগৰিৰ বননি আছিল আৰু সেই ফলস্বৰূপেই আমাৰ গাঁওখনৰ নাম খাগৰিমাইজান হলগৈ । তথাপিও বহু লোকৰ মতবিৰোধৰ ফলত আমাৰ গাঁওখনিক কিছুলোকে মাইজান কিছুৱে ভাটি মাইজান আৰু অতি দুখৰ কথা বৰ্তমান সময়ত আমাৰ নৱপ্ৰজন্মই তেওঁলোকৰ ব্যক্তিগত প্ৰমান পত্ৰ সমূহত খাগৰিমাইজানৰ পৰিৱৰ্তে খাগৰিজান বুলি সনিবিষ্ট কৰিবলৈ আৰম্ভ কৰিছে । মুঠতে অতি সোনকালেই আমাৰ গাঁৱৰ ঐতিহাসিক নামটোৰ লগতে সকলোবিলাক বুৰঞ্জীৰ পৃষ্ঠাত স্মৃতি হবগৈ যেন লাগে । কিয়নো আমাৰ ৰহমৰীয়া অঞ্চলৰ প্ৰায় ৩১ খনমান গাঁও গৰাখহনীয়াৰ গৰাহত স্মৃতিৰ পটভূমিত বিশাল বহ্মপুতৰ কোলাত ।কুৰি শতিকাৰ মাজভাগত আমাৰ গাঁওখন বহ্মপুতৰ পৰা প্রায় ১০০ কিঃ মিঃ আতৰঁত আছিল কিন্তু বতমান নদীখন আমাৰ গাঁওখন মাত্র ৮ কিঃ মিঃ আতৰঁত । আৰু এই দূৰত্ব অতি সোনকালেই শূণ্যলৈ পৰিণত হোৱাৰ পথত । আমাৰ এইগৰাখহনীয়া সমস্যা সমাধানৰ বাবে চৰকাৰে সীমিত সংখ্যক আচঁনি প্ৰস্তুত
কৰি গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কাম কৰিছে যদিও প্ৰায় ৪০ %ও সফল হব পৰা নাই ইয়াৰ আৰঁতেই জড়িত হৈ আছে দুৰ্নীতি । আৰু এই দুৰ্নীতি প্রবল হৈছে হয়তো আমাৰ স্থানীয় ব্যক্তিৰ পোনপটীয়া সহযোগৰ বাবে হৈ আছে । যদি অতি সোনকালে এই গৰাখহনীয়া আৰু দুৰ্নীতি সমস্যাৰ ওৰ নপৰে তেন্তে অতি সোনকালেই আমাৰ অঞ্চলৰ শতাধিক গাঁৱৰ লগতে আমাৰ গাঁওখনিও স্মৃতিৰ সাগৰত দুব যাব । আৰু এয়া মই কেতিয়াও সহ্য কৰিব নোৱাৰো ।