
সামগ্ৰী:
বৰালি মাছ ৪ পিছ , ফুলকবি ১ টা, পিয়াজ ১ টা, বিলাহী ১ টা ,মিঠাতেল ১00gm , জিৰা আধা চামুচ, নিমখ , ধনিয়াৰ পাত , জলকীয়াৰ গুৰি ।
প্ৰণালী:
১) কেৰাহীত তেল গৰম কৰি মাছ কেইপিছ ভাজি নমাই ল’লো ।
২) একেখিনি তেলতে পিয়াজ দি বাদামী ৰঙ হোৱাত বইল কৰি থোৱা ফুলকবি দিলো আৰু লগতে বিলাহী ,হালধি ,জিৰা আৰু জলকীয়াৰ গুৰি দিলো ।
3) ভালদৰে ভাজি পানী দিলো । তাতে মাছ কেইপিছ দি ভালকে উতলী অলপ ডাঠ হোৱাত ধনীয়া দি নমাই থ’লো ।