খিল্ খিল্ কৈ তুমি হাঁহিলে
জিল মিল কৈ জিলিকে মৰম ।
পাহাৰীয়া পথৰ দৰেই
একাবেকাঁ তোমাৰ শৰীৰ !
ভৰিৰ পৰা নাভিলৈ
আৰু নাভিৰ মজিয়া গৰকী
ওঁঠ পাওঁহি মানে
কেওতা হেলনীয়া কিছু ওখহা তিলা !
মোৰ সুখৰ ,
মোৰ দুখৰ প্ৰতিটো ঋতুত
গোপনে ৰাখো তোমাক
হৃদয়ৰ নিভৃত কোনত ।
মই যে সপোনৰ এটা ঘৰেই
সাঁজি পেলালো তোমাক লৈ ।
অদম্য হেঁপাহেৰে
বুকুত জ্বলাওঁ এগছী অনল ।
তুমি তাত শলিতা হৈ জ্বলি থাকা ।
খিল খিল কৈ তুমি হাঁহি থাকা ...
কিছু দীঘল , কিছু পাতল
অথবা ডাঠ এখন আৱৰণ লৈ
ঢাকি নিদিবা তোমাৰ সমগ্ৰ ।