খৰিকাজাঁই --- অংকুৰ জ্যোতি বুঢ়াগোহাঁই

বাৰান্দাৰ বিজুলীচাকিৰ বুটাম বন্ধ কৰি

মই নিশব্দে নিৰলে বাহিৰলৈ উলাই আহো

চোতালত চকীত বহি

তৰাৰ চিকমিকনি

চোৱাৰ নিচা

ল’ৰালি কালৰে মোৰ

এতিয়া জোনাক ! এন্ধাৰৰ দুবাহু ফালি

নিগৰি পৰা জোনাকৰ শুভ্ৰতাই

মোৰ চাৰিওকাষ উজ্বলাই তোলে

পিৰালিৰ কাষত খৰিকাজাঁই জোপাৰ

ডালত

ফুলি ৰ’ল দুপাঁহি ফুল

যাৰ অতনু সূৰভিত থমকি ৰয় বাটৰ পথিক

এনে সন্ধিক্ষণত মোৰ মনৰ নিৰ্জনতাত লুকাই থকা

প্ৰেমে ঢাপলি মেলে তোমাৰ কাষলৈ

মোৰ কেনে লাগে জানা ?

তোমাৰ এই প্ৰেম,

মনৰ নিজান বনত

ভাঁহি অহা স্নিগ্ধ সুৱাস

আৰু

মই যেন তোমাৰ এক আজন্ম প্ৰেমিক.............

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: অসমীয়া কৌতুক
মুঠ পঢ়ুৱৈ সংখ্যা:2,250
শিতান: আমাৰ গাঁও
মুঠ পঢ়ুৱৈ সংখ্যা:3,267
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:4,969
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,500
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,010