গছ আৰু জীৱন --- ৰাজীৱ কায়স্থ

গছবোৰে বুজে জীৱনৰ
বাৰংবাৰতা,
মাটিয়ে মাটিয়ে শিপাই
থকা অৰ্থ
_

জীৱনৰ উশাহত পৰাণ স্পন্দন গছবোৰ
_

আবাহমান কালৰে পৰা জীৱনৰ
অভাব পূৰ কৰিছে
_

উশাঁহ দিছে
ছাঁ দিছে
আৰু সেউজৰ দৃশ্যমান সুকুমাৰ ।
_

জীৱনৰ প্ৰান্তে প্ৰান্তে সভ্যতাৰ গঢ়া ভঙা দেখিছে গছবোৰে
_

দেখিছে জীৱনৰ চৰম
স্খলন আৰণ্যিক দিনৰ জীৱাশ্ম ।
_

এতিয়া কংক্ৰিয়াচ সভ্যতাৰ
চহৰবোৰ ধাতুৰ; ঘৰবোৰ শিলৰ ।
_

এতিয়া পদুলিৰ বাটৰ গছবোৰৰ পাতত ধুলিয়ে
বাহৰ পাতে
_

দীঘল হাতবোৰে গছবোৰক
মোহাৰি চোহাৰি দলিয়াই দিছে
_

তথাপি গছবোৰ সহিষ্ণু, অবিদ্ৰোহ
গছবোৰ সৰল,
মূঢ় জীৱনৰ
আগত ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,718
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,140
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,174
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,868
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,739