গল্প :: এখন হাত --- ৰাজীৱ কায়স্থ

"বাবু আপাটোৰ বৰ অসুখ টকা এশ কোনোৰকম দিব নোৱাৰেনে ?"

-চা মালিনী টকা দিয়াত মোৰ আপত্তি নাই । কিন্তু... আগৰ দৰে তই এতিয়া আৰু দেহা মাৰিব নোৱাৰা হৈ আহিছ । মই উপায়হীন ।'

মা, স্কুলত পৰীক্ষাৰ ফিচ জমা দিবলৈ কৈছে ছাৰে । নহ'লে হেনো পৰীক্ষাত বহিবলৈ নিদিয়ে । স্কুলৰ মোনাটো বিছনাত থৈয়ে ধনটিয়ে কথাটো মাকক জনালে । "মই বাবুৰ পৰা আনি দিমদে । আজি বাবুহঁতৰ ঘৰত চহৰৰপৰা আলহী অহাৰ কথা । গতিকে মালিনীয়ে পুতেকক লৰালৰিকৈ পইতা ভাতকেইটা খাব দি ওলাই গ'ল । ধনটি তেতিয়া বহুত সৰু যেতিয়া মালিনীৰ কঁপালৰ সেন্দুৰ ধুমুহাই উৰুৱাই নিয়ে সেই ধুমুহাই হেতালি কৰা ঘৰখনত একমাত্ৰ পুতেকৰ মুখখন চাই মালিনী জীয়াই আছে ।

মালিনীৰ এটাই সপোন- ধনটি পঢ়ি শুনি কিবা এটা কৰিব । সপ্তম মান শ্ৰেণীৰ ছাত্ৰ ধনটি পঢ়া-শুনাত যথেষ্ট চোকা ।

মৰিগাঁওৰ হয়বৰ গাঁওত মালিনীহঁতৰ ঘৰ । গিৰীয়েক ঢুকোৱাৰ পাছৰে পৰা পাঁচমহীয়া কেঁচুৱাটোক বুকুত সাবটি তাই জীয়াই থকাৰ প্ৰেৰণা পাইছে যদিও মতা মানুহজনৰ অবিহনে তাইক ঘৰখন চলাই নিয়াত গাঁওখনে সহায় কৰক চাৰি ছেগ বুজি ককৰ্থনাহে কৰে । তথাপি তাই প্ৰতিকূলতাৰ ওচৰত সেও নামানি নিজক দৃঢ় কৰে । বুকুত সাহসৰ চাকি জ্বলাই বৈধ্যবতাৰ ক্ৰৰ বাটেৰে আগবাঢ়ে । মালিনীহঁতৰ যি অলপ মাটি বাৰী আছিল । সেইখিনি আজিও খগেন মহাজনৰ ওচৰত বন্ধকত পৰি আছে । গাঁওৰ ইটো চোপা সিটো চোপাত কেঁচুৱাটোক বুকুত বান্ধি লৈ কাম বিচাৰি মালিনী ঘুৰি ফুৰে । তাইৰ শৰীৰত যৌৱন তেতিয়াও খলিহনাৰ দৰেই ৰহণীয়াই থাকে । কাম বিচাৰি যাওঁতে কিমানে যে তাইৰ পিচ লয় । তথাপি এনেবোৰ কথাত মালিনী ভাগি নপৰে ।

পৰিস্থিতিয়ে তাইক সাহসী কৰি তুলিছে। কণমানি ধনটিক যেতিয়া তাই বুকুৰ উমত গাখীৰ খুৱাবলৈ বহে এই মুহূৰ্তখিনি মালিনীৰ বাবে জীৱন পূৰ্ণতাৰে উপচি পৰে। এইখিনিতে নাৰী এজনীৰ বাৎসল্যতাই চৰমত আৰোহণ কৰে । ইফালে কোলাৰ কেঁচুৱা ধনটি লাহে লাহে ডাঙৰ হৈ পদুলিয়ে পথাৰে দৌৰি ফুৰিব পৰা হ'ল ।দেখিবলৈ বৰ মৰমলগা ।ক'ত যে দুখ কষ্টৰ মাজেৰে মালিনীয়ে তাক ডাঙৰ কৰিছে । 'ধন...ধন অ', মই বাবুহঁতৰ তালৈ যাওঁ ভাতকেইটা খাবি দে' মৰমতে মাকে তাক ক'তবাৰ যে চুমা খায় । মাকৰ দুখ কষ্টৰ কথা সি বাৰুকৈয়ে বুজে । সেয়ে কেতিয়াবা মাকৰ অসুখ বিসুখ হ'লে ৰতন বাবুহঁতৰ ঘৰত গৈ মাকৰ হৈ ঘৰুৱা কামত সহায় কৰি দি আহে । এই পেণ্ডুকনা লৰাটোৱে বজাৰত কল, আলু বেচিবলৈ যায় । প্ৰতি বুধবাৰে হয়বৰ গাঁৱৰ টিলিঙা পথাৰত বজাৰ বহে ।

তাহানি বৃটিছৰ দিনৰে পৰাই ৰতন বাবুহঁতৰ পৰিয়ালৰ এটা প্ৰতিপত্তি আছে । ৰতন চৌধুৰীৰ বাপেক স্বৰ্গীয়া বিজন লাল চৌধুৰী হয়বৰ গাঁৱৰ এজন বৰেণ্য লোক আছিল । গাঁৱৰ সকলোৱে তেওঁক সমীহ কৰি চলিছিল গাঁৱৰ লোকে তেওঁক বৰপিতাই বুলি সম্বোধন কৰিছিল । বৰ পিতায়ে গাঁওখনৰ যিকোনো সমস্যাৰ ততালিকে সমিধান দিয়াৰ লগতে গাঁওখনৰ উন্নতি আৰু হিতাৰ্থে যথেষ্ট কৰি থৈ গৈছে । বাপেকৰ মৃত্যুৰ পাছত ৰতন কলিকতাৰপৰা পঢ়া আধাতে সামৰি ঘৰলৈ গুচি আহে ।বৰ পিতাইৰ মৃত্যুত গাঁওখন যেন ৰাজহাড়হীন হৈ পৰলি । তথাপি সৰু বাবু ৰতনে বাপেকৰ আদৰ্শ ল'ব বুলি গাঁৱৰ সকলোৱে আশা কৰিছিল । যিহেতু ৰতন পঢ়া- শুনা, জনা বুজা ল'ৰা । বাপেকৰ দৰে সিওঁ গাঁওখনৰ হিতে কৰিব । কিন্তু কতা গাঁওখনক সি শোষণৰ আহিলা হিচাপেহে ল'লে ।

সন্ধিয়াৰ বুটাবছা আকাশখনলৈ ৰ' লাগি চাই থাকোঁতে মাকে ধনটিক মাত লগায় : 'কি চাইছ ধন ?' মা পিতায়ে আমাক চাই আছে সৌ চা...।
আকাশী তৰাৰ থূপ এটাৰ পিনে আঙুলিয়াই ধনটিয়ে মাকক কয় মাকে আলফুলে তাৰ কপালত চুমা এটা খায় । ব'ল ভিতৰলৈ ব'ল ।

মাকে আঁচলৰ গাঁঠি খুলি; বিশটা টকা ধনটিৰ হাতত গুজি দিয়ে । ধন কাইলৈ মাষ্টাৰ বাবুক এইখিনি দিবি । মাকে এই বিশটা টকাৰ বাবত ৰতন বাবুহঁতৰ ঘৰত দিনটো খাটিব লাগে এই কথা ধনটিয়ে নুবুজা নহয় । ধনটিহঁতৰ দৰে লক্ষ পৰিয়ালে যেতিয়া এমুঠি অন্নৰ বাবে কোনো জমিদাৰৰ ঘৰত খাটি খায় তেতিয়া আমাৰ মাজৰে হেজাৰ জনে সুখ আৰু স্বপ্নৰ মদিৰাত মাতাল হৈ থাকে । কোমল ঘাহনিত শীতৰঅশ্ৰুকণাৰ দৰে । দুখৰ নিশা জিলিকি থাকে নিতালে নীৰৱে ।

ধনটিৰ অসুখ । দিনে দিনে অসুখটোৱে তাক ভিতৰি ভিতৰি চেপি ধৰিছে । গাঁৱৰ স্বাস্থ্যকেন্দ্ৰত ধনটিৰ হৃদপিণ্ডত এটা সৰু ছিদ্ৰ ধৰা পৰিছে । বিভাগীয় ডাক্তৰে ধনটিক ততালিকে চহৰৰ হাস্পাতাললৈ নিয়াৰ পৰামৰ্শ দিছে কিন্তু টকা...? টকা ক'ত পাব মালিনীয়ে ? কাৰ পৰা বিচাৰিব সহায় কোনে সহায় কৰিব তাইক । মালিনী চিন্তাত শুকাই খিনাই খেৰকূটাৰ নিচিনা হৈ পৰিল । আগৰ দৰে তাই এতিয়া আৰু ঠিকমতে কামবন কৰিব নোৱাৰা হ'ল । পুতেকক লৈ মালিনীৰ দুখে চিন্তাই কুলাই পাচিয়ে নধৰা অৱস্থা

'মা.., মই মৰিলে তই দুখ নকৰিবি ।'

ধনটিক বুকুত সাৱটি মালিনী হুকহুকাই কান্দি উঠিল । মোৰ বাছা তোৰ একো অমংগল নহয় । পুতেকৰ জীৱনটোৰ বাবে তাই যিকোনো কামেই কৰিবলৈ প্ৰস্তুত এতিয়া । দুৱাৰে দুৱাৰে সহায় ভিক্ষা কৰিও হতাশাই ছাঁৰ দৰে খোজ দিলে । গাঁৱৰ দুই এঘৰে পাঁচ দহ টকাৰে সহায় কৰিছিল ।যদিও এইখিনি যথেষ্ট নাছিল ।

বহুত আশালৈ মালিনী ৰতন বাবুহঁতৰ ঘৰৰ পিনে খোজ ল'লে । বাবুহঁত ডাঙৰ মানুহ তেওঁলোকে যদি সহায় অলপ কৰি দিয়ে মোৰ বাছা; মোৰ ধন ভাল হৈ উঠিব । ৰাতিপুৱাই ধনটিক ভাতৰ মাৰ অলপমান খুৱাই মালিনী ওলাই আহিছে । ৰতন বাবুহঁতৰ ঘৰলৈ বুলি ৰতন বাবু তেতিয়া বাৰাণ্ডাত আৰামী চকী এখনত বহি পেপাৰ পঢ়ি আছে । "বাবু আপাটোৰ বৰ অসুখ টকা এশ কোনোৰকম দিব নোৱাৰেনে ?"

-চা মালিনী টকা দিয়াত মোৰ আপত্তি নাই । কিন্তু... কিন্তু আগৰ দৰে তই এতিয়া আৰু দেহা মাৰিব নোৱাৰা হৈ আহিছ । মই উপায়হীন ।' মালিনী যে এনেকৈ নিৰাশ হৈ ওভতিব লাগিব তাই কল্পনাই কৰা নাছিল । ৰাতি দুপৰ তেতিয়া । ধনটিৰ ভীঘণ জ্বৰ । যন্ত্ৰণাত সি ছটফটাই আছে বিছনাত । একো একোবাৰ ভ্ৰম বকিছেঃ 'মা, মোক মাৰি দে...। মুক্তি দে... মা.. । মালিনী জঠৰ হৈ পৰিছে এছটা শিলৰ দৰে । চাই ৰৈছে যন্ত্ৰণাকাতৰ পুতেকৰ বিবৰ্ণ মুখ খনলৈ ।

এক নাটকীয় ভংগীত মালিনী পুতেকৰ পিনে আগবাঢ়িছিল যেন এক দেও ল'গা প্ৰহৰ । ধনটি তেতিয়াও অবুজ যন্ত্ৰণাৰে যুঁজ দি আছিল । সি এই যন্ত্ৰণাৰপৰা মুক্তি বিচাৰিছিল । চিৰমুক্তি । ধনটিৰ ডিঙিক পোনাই আগবাঢ়ি অহা মাকৰ হাত দুখন দেখি সি হাঁহিছিল শেষ বাৰৰ বাবে । তাৰ সেই শেষ হাঁহিৰনীলাত ৰাতিৰ তৰাবোৰ যেন সৰি পৰিছিল এটা এটাকৈ । গোটেইখন মৰিশালীৰ দৰে নীৰৱ হৈ পৰিছিল । যেন যন্ত্ৰণাৰ এন্ধাৰখিনিক চেপি ধৰি ৰাখিছিল হাতখনে ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,266
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:801
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:4,528
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,956