গল্প :: এটি বৰ্ষাসিক্ত আবেলি --- মৃদু জোনাক পয়োভৰ

অসম চৰকাৰৰ এই বিদ্যুৎ বিভাগটো নহয় ??? ইমান অনিয়ম !!! কেতিয়া কাৰেণ্ট আহে, কেতিয়া যায় টলকিবই নোৱাৰি....|| চেনীমাইকেইজনীৰ লগত মত-বিনিময় কৰাটো ইহঁতৰ ইৰ্ষা কুলাই পাচিয়ে নধৰা | কিবা খং উঠিব লাগিলে, ব্রহ্মপুত্রখনকে ঘৰলৈকে বোৱাই আনিম | বান্ধ এটা দি ঘৰতে কাৰেণ্ট বনাম
বাপ্পেকে...!! সিঁহতে কিয়া..., কিয়া বুলি ভাৱটা হাই ?? মইয়ো লাচিতৰে নাতি কিন্তু !! কৈ থ’লো.....

___ কম্পিউটাৰটো অ'ফ কৰি খৰখেদাকৈ পানী বটলটো বিচাৰি ঘট ঘটকৈ আধামান পি পেলালো | অ' , তাৰমানে মোৰ যথেষ্ট খং উঠিছিল | মায়ে কয়, মোৰ বোলে খংটো অলপ বেছি | সেইয়ে খংটো উঠিলেই পানী খায় পেটৰ ভিতৰতে গাপদি খংটো নোহোৱা কৰিবি | মইয়ো তাকেই কৰো | খং উঠা মাত্ৰকে পানী খায় দিওঁ....

.... .. .. .. বিশাদপূৰ্ণ আকাশখনে ক্ৰমাত অশ্ৰুৰটোপালবোৰ পৃথিৱীৰ বুকুলৈ এৰি দিছে | মই গৈ খিড়িকীৰ কাষ পালোগৈ | টোপালবোৰ ক্ৰমাত গভীৰৰ পৰা গভীৰতম হৈ গৈ আছে....| বৰ্ষাসিক্ত আবেলিটো ক্ৰমাত মায়াময় হৈ পৰিছে | কাৰোবাৰ বাবে বেচ ৰোমাণ্টিকো | কবি হোৱা হ'লে কিমান কি যে কৰিব পাৰিলো হয় | বোলে নৱপ্ৰজন্মৰ জনপ্ৰিয় কবি জোনাকৰ আৰু এখন কবিতা পুথি অতি শীঘ্রে আপোনাৰ কাষলৈ আহি আছে - বিজ্ঞাপনবোৰ এনেকুৱাই হ'ল হয় | বাস্তৱত এইবোৰ মোৰ পৰিসৰৰ বাহিৰৰ হ'লেয়ো কেতিয়াবা এইবোৰ কল্পনা কৰিয়ো ভাল লাগে দিয়কছোন | কফিপূৰ্ণ কাপটোৰ সংযোজনে আবেলিটো অধিক মধুময় কৰি তুলিলো.....

. . . . ৰিয়ান দা অ'... তুমি আজি কাষত থকা হ'লে কিমান যে ভাল লাগিল হয় !! তুমি ইখনৰ পাছত সিখন কাগজৰ উকা পৃষ্ঠাত শব্দৰ মালাৰে বৰ্ষাসিক্ত আবেলিটোৰ ৰুপ বন্দনা কৰিলা হয় আৰু মই এমুৰৰপৰা পঢ়ি গ'লো হয় !! সময়বোৰেও এপলক ৰৈ দিলে হয়, কোনো এটা সুন্দৰ পলক অধিক সুন্দৰকৈ সুসজ্জিত কৰি তুলিবলৈ ! আহ...!! কি এক সুন্দৰ কল্পনা...! সম্ভৱত আমাৰ সম্বন্ধত মৰমবোৰ জোখতকৈ বেচি হৈ পৰিছিল | সেইয়ে চাগৈ ঈশ্বৰে ভাবিলে পৃথিৱীত কেতিয়াও স্বৰ্গৰ সুখ প্ৰযোজ্য হ'ব নোৱাৰে | গতিকে ইহঁতক বশ কৰিব লাগিব | আৰু কোনো এনে এটি দিনতে মোক হষ্পিতেলৰ বিছনাত এৰি তোমাক লৈ গ'ল কোনোবা অজান দেশলৈ.... এতিয়াবাৰু তোমাৰ মোলৈ মনত পৰেনে ? মোৰ খুব মনত পৰে জানা..?? মনত পৰিলেই উলিয়াই লওঁ তুমি এৰি যোৱা "জীৱন - এখন অৰ্ধলিখিত দস্তাবেজ" নামৰ তোমাৰ ডায়েৰীখন | পাতবোৰ লুটিয়াই পমখেদি যাওঁ তোমাৰ..... কৰবাত কিজানিবা তোমাৰ সন্ধান পাওঁ.... দুচকুৰ ভেটা ভাঙি বৈ আহে দুগালে লোটোক, যেতিয়া তুমি মৰিচিকা হৈ ধৰাদিয়া | তুমি ক'ত আছা ?? য'তেই নাথাকা কিয়, কুশলে থাকা !! সমনীয়াবোৰক যেতিয়া ককায়েকহঁতৰ লগত একেলগে দেখো, তেতিয়া মোৰ বুকুত হৃদয় নামৰ মেচিনটোৱে বৰকৈ জোকাৰণি তোলে, কিবা এটাই আহি বুকুতে হেঁচা মাৰি ধৰে | তেনে এটি দুৰ্বল মুহুৰ্ততে মই চিঞৰি চিঞৰি কান্দো, মায়ে আহি সজোৰেৰে সাৱটি লয় | মই যেতিয়া তেওঁক তোমাৰ কথা কওঁ, তেওঁ কয়; তুমি বোলে মোৰ হৃদয়তে আছা | তুমি যোৱাৰপূৰ্বে তোমাক বুকুতে পাবলৈ বোলে তোমাৰ হৃদযন্ত্ৰটো মোৰ শৰীৰত স্থাপন কৰি গ'লা | কথাটো বাৰু সঁচানেকি ?? আৰু এটা কথা, মায়ে কৈছে, তুমি আৰু দেউতা বোলে একেলগে আকাশত থাকা ? সন্ধিয়া তৰাহৈ আমালৈ চাই থাকা ! যদি সঁচা তেনেহ'লে, অন্তত্ব মোক এবাৰলৈতো মাতএষাৰ দিব পাৰা | অগণন তৰাৰ মাজৰতোমালোকক মই কেনেকৈ চিনিম কোৱা......

__"জীৱনৰ পথ মায়াময়,

__"মায়াময় মৰমৰ সুবাস

-- মোবাইলটোৰ ধ্বনিত মই বাস্তৱ জগতখনলৈ ঘূৰি আহিলো | চাৰিওফালে দেখোন পৰিৱেশটো গোমা |বৰষুণ কেতিয়া এৰিলে গমকেই নাপালো | আকাশৰপৰা দুই এটা তৰাই ডাৱৰৰ আঁৰৰ পৰা মোলৈ চাইছে | সম্ভৱত তাৰে মাজৰ কোনোবা এটা মোৰ ককাইদেউ !! ফোনটো পুনৰ সঁজোৰেৰে কঁপি উঠিল | সুকন্যাৰ ফোন….

" ঐ উঠ আকৌ... দুলিয়াজান পালোহি নহয়"___ মাৰ মাতষাৰ শুনি মই চৌদিশে চকু ফুৰালো | অ' হয়টো, ঘৰ পালোহিয়ে | এই মৃদু জোনাক পয়োভৰ নামৰ ল'ৰাটোক কাষত পাব লাগিলে এনেকুৱা পিটিম নহয়....!! কি দৰকাৰ আছিল তাৰ "জোনাকী" পৃষ্ঠাটো উলিওৱাৰ ?? আজি "জোনাকী"ৰ কাৰণেই মই দুলিয়াজান পাৰ হৈ নামৰুপ পালোগৈ হয় |

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,845
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,251
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,685
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,729